হে বেনাৰস বিজয়ী 'কলাগুৰু' (নৃপেন গোস্বামী)

হে নট সৈনিক
অসম ভূমিৰ কলাপুৰোধা
তুমি অসম প্ৰাণ

তোমাৰ ৰগে ৰগে দৌৰিছিল
প্ৰাগজ্যোতিষপুৰৰ সন্মান

হে বিশ্ববিজয়ী নৱজোৱান
নাট, গীতৰ অমৰ স্ৰষ্টা
নতুন যুগৰ সূচনাৰে
আৰাধ্য শোণিত নন্দন

তোমাৰ চিত্ৰৰ মাজেৰে
জয়া আজিও জগত নন্দিনী

হে ক'লাৰ আদিগুৰু
তোমাৰ কৰতলত সুভিত
অসম ধৰিত্ৰী

গীতৰ মূৰ্ছনাৰে আকাশ ৰঞ্জিত
নৃত্যৰ ভংগীমাৰে
পাখি মেলি জগত বিদিত
.
ৰণৰ সজ্জাৰে বগা চাহাবক
উভতনিৰ পথ নিৰ্দেশক

হে পৰজনমৰ সুভ লগন স্ৰষ্টা
জনম তোমাৰ ধন্য
আই তোমাৰ বৰণ্য

ক'লাৰ মায়াৰে জিনালা
শুৱনি অসমক
শব্দৰ চমকেৰে বান্ধিলা

তুমি বিশ্ব বিজয়ী
বন্দে কি চন্দেৰ
সৃজনী পহৰী
মায়াৰ সুষমাৰে তুমি

জাগ্ৰত পহৰী

ঠিকনাঃ দুলীয়াজান