বিষ্ণু ৰাভা, অতীত- বৰ্তমান- ভৱিষ্যত (মৃণাল কুমাৰ বৰা)


বিষ্ণু ৰাভা,
তুমি অতীত- বৰ্তমান- ভৱিষ্যত
অতীতৰ দুৱাৰত টুকুৰিয়ালে শুনা পাওঁ‌
তোমাৰ সৃষ্টিৰ মধুৰতম শব্দ,
শব্দত প্ৰৱাহমান শত গানৰ ছন্দ,
ছন্দোময় নৃত্য, ভাষাৰ অন্তহীন ভাৱাৰ্থ
শব্দৰ ৰন্ধে ৰন্ধে চিৰ জ্যোতিৰ্ময়
কলা- সংস্কৃতিৰ অপূৰ্ব তত্ত্ব ৷

বিষ্ণু ৰাভা,
সুন্দৰৰ পূজাৰী হৈ
তুমি জীয়াই আছা
প্ৰাণে প্ৰাণে
দেশে দেশে এই যুগ- যুগান্তৰত
সুৰৰ অমিয়া হৈ ব'ই আছা
বিশ্বৰ প্ৰান্তৰে প্ৰান্তৰে
দুৰ্যোগৰ প্ৰতিটো ক্ষণত ৷
আজি চৌদিশত মহিমা মণ্ডিত
তোমাৰ সাধনাৰ অপূৰ্ব অৱদান
মুহূৰ্তে মুহূৰ্তে প্ৰতিধ্বনিত
অৱদানৰ মহান ঐক্যতান ৷

বিষ্ণু ৰাভা,
অতীতৰ খিৰিকী খুলিলে সোমাই আহে
তোমাৰ মহান মানৱতাৰ পবিত্ৰ ঘ্ৰাণ
আমোল মোলাই এই বৰ্তমান
যেন তুমি আজি দূৰণিতে ৰৈ ৰিঙিয়াই কোৱা
আগুৱাই যোৱা, আগুৱাই যোৱা, আগুৱাই যোৱা
অ''মোৰ অসমীৰ সন্তান
সাহসেৰে কৰা সৃষ্টিৰ নৱ সন্ধান
সুৰৰ দেউলেৰে হ'ব ভৱিষ্যত অম্লান ৷

হেৰা খাটি খোৱা শোষিত- নিষ্পেষিত জনতা
কাণপাতি শুনা
শুনিবা
বতাহৰ শব্দত
বিষ্ণু ৰাভাৰ সংগ্ৰামী সত্ত্বাৰ জাগ্ৰত আহ্বান
সোঁ‌ৱৰায় আমাৰ প্ৰাণ
মান
শক্তিমান
নামিলে কাল অমানিশা দেশৰ বুকুত
সুৰৰ মন্ত্ৰৰে কৰে
জগত মহীয়ান ৷

বিষ্ণু ৰাভা,
তুমি অতীত- বৰ্তমান- ভৱিষ্যত
হৃদয়ে হৃদয়ে বিশ্বৰ জনতাৰ,
তুমি চিৰ বিৰোধী
ক'ত অন্যায়ৰ
ক'ত দাসত্বৰ
ক'ত বঞ্চনাৰ
শব্দৰ শিকলিৰে ইয়াক নিৰ্মম প্ৰহাৰ ৷

বিষ্ণু ৰাভা,
তোমাৰ মহান আত্মাক শ্ৰদ্ধাৰে সুঁ‌ৱৰি
জনাওঁ‌ চিৰ নমস্কাৰ
জনতাৰ পূজ্যবেদীত চিৰকাল হোৱা ষোড়শোপচাৰ
হোৱা তুমি ষোড়শোপচাৰ ৷

ঠিকনাঃ পাঞ্জাবাৰী ৰোড,

ফকৰুদ্দিন আলি আহমেদ নগৰ,
পুৰানবস্তি, কৰবী পথ,
৯ নং উপ পথ, গুৱাহাটী- ২২