পাহাৰখনৰ সিপাৰে হেনো যুদ্ধ হ'ব
এইফালেদি এটা আলি দিব
কুমলীয়া মোচৰ সৈনিক জনক
ধাননীৰ থোকে আগভেটি ধৰিব
কেঁচা আলিৰ ইমূৰে ৰৈ থাকিব
প্ৰেয়সী প্ৰিয়তম
চকুপানীৰ মোহনাত নদী শুকালে
দেহৰ আশী সূতাৰ চাদৰখন সেমেকিলে
আলিটো শেষ হৈ গ'ল
য'ত সৈনিক জনক নেদেখা হ'ল
এতিয়া মাথো অপেক্ষা
কোনোবা কানি মুনি সন্ধিয়া
তেঁও উভতি আহিব এই পাৰলৈ বুলি ।
দূৰভাষঃ ৯৬১৩৭০১০৫৪
এইফালেদি এটা আলি দিব
কুমলীয়া মোচৰ সৈনিক জনক
ধাননীৰ থোকে আগভেটি ধৰিব
কেঁচা আলিৰ ইমূৰে ৰৈ থাকিব
প্ৰেয়সী প্ৰিয়তম
চকুপানীৰ মোহনাত নদী শুকালে
দেহৰ আশী সূতাৰ চাদৰখন সেমেকিলে
আলিটো শেষ হৈ গ'ল
য'ত সৈনিক জনক নেদেখা হ'ল
এতিয়া মাথো অপেক্ষা
কোনোবা কানি মুনি সন্ধিয়া
তেঁও উভতি আহিব এই পাৰলৈ বুলি ।
দূৰভাষঃ ৯৬১৩৭০১০৫৪







