নিশাটো ক্রমে বাঢ়ি আহিছে, কিছু শব্দ, কিছু বিশব্দ, দুচকুৰ পতাত ভৰুণ হৈছে নিদ্রাহীনতা- চৌ চৌকৈ সৰিছে জোনাক আৰু সৰ্বত্র তিতি দু আঁঠুত মূৰ লুকুৱাই বহি বহি ভাবি আছো মই সঁচা- মিছাৰ দোমোজত কোন সঁচা, ভালপোৱা নে ভংগুৰতা ?
আজি নীলিম গ'লগৈ, বাতৰি কাকতৰ প্রথম পৃষ্ঠাতে জিলিকি আছিল তাৰ তেজৰঙা মৃতদেহ ৷ সেই নীলিম, যাক লৈ আমি সপোন ৰচিছিলো, যাৰ বাবে থকা মৰমবোৰ ভাগ হ'ব বুলিয়েই আমি দ্বিতীয়টো সন্তানৰ কথা নাভাবিলো, সেই নীলিমে আজি সাত বছৰৰ পূৰ্বেই আমাৰ হিয়া ভাঙি গুচি গৈছিল কোনো উগ্রপন্থী সংগঠনৰ সদস্য হৈ !... আৰু আজি ?
অনুৰাগ, মাক হোৱাৰ সকলো গৌৰৱ আজি তচনচ কৰি দিলে নীলিমৰ মৃত্যুৱে ৷ একো নাই এতিয়া গৌৰৱ বুলি হৃদয়ত !
ন মাহ, ন দিন গৰ্ভত ৰাখি আটোলটোলকৈ যাক ডাঙৰ কৰিছিলো, শহুৰ- শাহুৰ সকলো কেটেৰা- জেঙেৰা সহিও যাক বুকুৰ মাজত ভৰাই মই সান্তনা লভিছিলো, সেই নীলিম এতিয়া হৈ পৰিল এটা তেজ ৰঙা অতীত !
অনুৰাগ, তুমি শুইছা, তুমি নাজানা এইবোৰ কথা, ক'ব খুজিও ৰৈ যাওঁ মই ৷ কাৰণ নীলিমে ঘৰ এৰি যোৱাৰ তিনি বছৰৰ পিছতে হোৱা দূৰ্ঘটনাটোত পতিত হৈ তুমি শাৰিৰীক তথা মানসিকভাৱে অক্ষম হৈ পৰিলা ৷ তুমি জীয়াই আছা, অথচ এই পৃথিৱীৰ সুখ- দুখবোৰ তোমাৰ বাবে অচিনাকী হৈ উঠিল ৷ কিন্তু জীয়াই জীয়াই মৰি আছো মই প্রতিদিন- প্রতিপল ৷
সুদূৰ নেপালৰ পৰা কাইলৈ নীলিমৰ মৃতদেহটো আহি পাবহি, তাৰ পিছৰ সময়খিনিৰ কোনো উমান লগাব পৰা নাই মই ৷ কি কৰিম, কেনেদৰে থাকিম.....
অনুৰাগ, নিশাটো চুটি হৈ আহিছে চোন ক্ৰমান্বয়ে মোৰ বুকুখনত কিবা এটাই যেন খুন্দা মাৰি ধৰিছে ৷ অকণমান উশাহৰ বাবে চটফটাই আছো মই.. আৰু সকলোবোৰচোন এতিয়া অন্ধকাৰত ডুব গৈছে......








