ভক্তি ধৰ্মত ভক্তি প্ৰদীপৰ স্থান (কবিতা চৌধুৰী)


সংস্কৃত ভজ্ ধাতুৰ পৰা নিস্পন্ন (ভজ ক্তি) ভক্তি শব্দই মূলতঃ সেৱা বা আনুগত্য বুজায় । শ্বেতাশ্বতৰ উপনিষদৰ ষষ্ঠ অধ্যায়ৰ অন্তিম তৰঙ্গত ভক্তি শব্দৰ প্ৰথম প্ৰয়োগ হৈছে । ঈশ্বৰৰ একান্ত ভকত নাৰদ মুনিয়ে ভক্তি সূত্ৰত কৈছে যে ঈশ্বৰৰ প্ৰতি তীব্ৰ প্ৰেমেই ভক্তি । মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে এনে সময়ত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল যি সময়ত অসমৰ জাতীয় জীৱন স্তব্ধ হৈ পৰিছিল, ধৰ্মীয় আৰু ৰাজনৈতিক সংঘাতে অসমক সংকটৰ পিনে লৈ গৈছিল । গুৰু জনা আছিল অসমীয়া জাতিৰ ত্ৰাণকৰ্তা স্বৰূপ । বহুমুখী প্ৰতিভাৰ অধিকাৰী শংকৰ প্ৰভু সংস্কৃতি আৰু সাহিত্যৰ মাজেৰে ধৰ্ম প্ৰচাৰ কৰিব বিচাৰিছিল । "প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন / সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ ।" বহু দেৱতাৰ মাজত এজন সন্ধান, বহু সত্যৰ মাজত সনাতন সত্য উপলব্ধিৰ প্ৰতি আছিল তেৰাৰ নীতি ।

কীৰ্ত্তন, দশম আদিৰ দৰে ভক্তি প্ৰদীপৰ মাজেৰেও গুৰু জনাই বৈষ্ণৱ ধৰ্মৰ আদৰ্শ তথা গ্ৰহণ যোগ্যতা সুন্দৰ ভাৱে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে । ভক্তি শব্দৰ অৰ্থ প্ৰথমে উনুকিওৱা হৈছে আকৌ প্ৰদীপ মানে হ'ল চাকি অৰ্থাৎ পোহৰ । অৰ্থাৎ একমাত্ৰ ভগৱানৰ আৰাধনা কৰিহে আন্ধাৰৰ পৰা পোহৰলৈ যাব পাৰি- সহজ অৰ্থত মুক্তি ৷ ভক্তি প্ৰদীপ গ্ৰন্থ খনৰ প্ৰথম অধ্যায়ত বৰ্ণিত হৈছে যুধিস্থিৰৰ ৰাজসূয় যজ্ঞ আৰু মোক্ষ লাভ সম্পৰ্কে ঋষি  সকলৰ লগত আলাপ । নানান জ্ঞানী, দিব্য শক্তিৰ অধিকাৰী ঋষিৰ কথা শুনি যেতিয়া অৰ্জুনৰ মনত সংশয় উপজিল তেতিয়া কৃষ্ণই ভক্তিৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন কৰি ক'লে- "মোক (কৃষ্ণক) ভক্তি কৰিলেই সকলো কৰ্ম বন্ধনৰ পৰাছেদ হয় ৷"এই অধ্যায়ত বিভিন্ন প্ৰকাৰৰ ভক্তি যেনে- উত্তম ভক্তি, অব্যাভিচাৰী ভক্তি আদিৰ বিষয়ে উল্লেখ আছে । কৃষ্ণ ভক্তিৰ শ্ৰেষ্ঠত্ব এই অধ্যায়ত ভিন্ন প্ৰকাৰে বুজাব বিচাৰিছে ৷
দ্বিতীয় অধ্যায়ত আছে সুশীল ব্ৰাহ্মণ আৰু চণ্ডালিনীৰ কাহিনী । প্ৰথম অধ্যায়ত কোৱা হৈছে যে কৃষ্ণ কনভজি আন দেৱতাক ভজিলে চণ্ডালতকৈও অস্পৃশ্য হৈ হয় ৷ কৃষ্ণ ভক্তা চণ্ডালিনীৰ সুশীল ব্ৰাহ্মণে দেবেন্দ্ৰ মহেন্দ্ৰক পূজা কৰা দেখি কাণত বুঢ়া আঙুলি দি বিষ্ণু বিষ্ণু উচ্চাৰণ কৰি থাকিল । কৃষ্ণক ত্যাগ কৰি ইন্দ্ৰত শৰণ লৈ ব্ৰাহ্মণ পাপত পতিত হৈছে । কৃষ্ণ প্ৰেমত এনেকৈ চণ্ডালিনী নিমজ্জিত হ'ল যে তন মন দেহ কৃষ্ণ ভাৱত ৰোমাঞ্চিত হ'ল ৷

চণ্ডালিনীৰ এনে হৰি প্ৰেম দেখি বিষ্ময়ত অভিভূত হৈ নাৰদে সুধিলে কাৰ নাম জপ কৰি আছে । তেতিয়া ব্ৰাহ্মণ লগত হোৱা আলাপৰ কথা বৰ্ণনা কৰিলে আৰু ক'লে যে মহাপাতকী ব্ৰাহ্মণৰ বাবে তেওঁ মহা পাপ অৰ্জনকৰিলে আৰু তাৰ নিবাৰণৰ হেতু গঙ্গা স্নান কৰিলে যদিও অভ্যন্তৰৰ পাপ নিৰ্মূলৰ বাবে কৃষ্ণ নাম স্মৰণ কৰি আছে । নাৰদ মুনি অবক হ'ল যে অন্ত্যজৰো অন্ত্যজ চণ্ডালিনী নিজেই অপৱিত্ৰ ।

সেই অপৱিত্ৰ চণ্ডালিনীকো কোনোবাই অপৱিত্ৰ কৰিব পাৰে সেয়া অতি আশ্চৰ্যকৰ কথা । নাৰদ যদিও ভূত- ভৱিষ্যত সকলো কথা জানে তথাপি চণ্ডালিনীৰ মুখেৰে হৰি নামৰ মহিমা শুনিলে আৰু চণ্ডালিনীৰ ভক্তিত গদগদ হৈ ক'লে- "হে মানৱ, তুমি জগতৰ পূজ্য হ'লা, তুমি মোৰ বন্দনীয় হ'লা ৷"
পৰম ভকত নাৰদ আৰু চণ্ডালিনীৰ এই কাহিনী অৰ্জুনৰ আগত প্ৰত্যক্ষ কৰাই কৃষ্ণ প্ৰেমৰ মহিমা দেখুৱালে । ইয়াৰ পিছত ভকতৰ লক্ষণ সম্পৰ্কে বৰ্ণনা কৰি অৱশেষত ক'লে যে অন্য দেৱতাক ত্যাগ কৰি মাত্ৰ মোতেই শৰণ লৈ ভক্তি ৰসত আত্ম নিয়োজিত হৈ কৃত্য কৃত্য কৰা জনহে প্ৰকৃত ভকত । ভকতৰ লক্ষণ সম্পৰ্কে কোৱাৰ পিছত ভাগৱত ধৰ্ম সম্বন্ধে ব্যাখ্যা কৰিলে আৰু সিদ্ধান্ত দিলে যে সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ হ'ল কৃষ্ণ আৰাধনা আৰু অৰ্পণ ।

ভক্তি প্ৰদীপৰ মূল কথাই হ'ল কৃষ্ণৰ শ্ৰেষ্ঠত্ব প্ৰতিপাদন ৷ অন্য দেৱ- দেৱী নকৰিবো সেৱা, ভক্তি হৈবো ব্যাভিচাৰ ৷ কৃষ্ণ নামৰ অপূৰ্ব মহিমা বৰ্ণাই কৃষ্ণই অৰ্জুনৰ আগত বিশ্বৰূপ দেখুৱালে, অৰ্জুন এই ৰূপত মুগ্ধ হ'ল আৰু বৈকুণ্ঠ পুৰৰ বিষয়ে জানিবলৈ বিচাৰিলে । কৃষ্ণ দেৱে বৈকুণ্ঠ ধামৰ বৰ্ণনা কৰি অৱশেষত ক'লে যে কৃষ্ণ নাম অহৰ্নিশে স্মৰণ কৰা জনহে বৈকুণ্ঠ পাব পাৰে । ভক্তি প্ৰদীপৰ কাহিনী ভাগ লোৱা হৈছে ভক্তি প্ৰদীপৰ মঙ্গলাচৰণত কবিয়ে উল্লেখ কৰিছে- "শুনা সভাষদ পাপ কৰিয়া উচ্ছাদ ৷ গৰুড় পুৰাণ কৃষ্ণ- অৰ্জুন সম্বাদ ৷ ভকতি প্ৰদীপ নাম মহন্তৰ গতি ।কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি ৷ গৰুড় পুৰাণৰ পৰা । পিছত সম্পাদনা কৰিছে ড' মহেশ্বৰ নেওগ দেৱে ৷ পাতনিতে কৈছে- বেদৰ প্ৰতিপাদ্য পৰমেশ্বৰ ভক্তিয়েহে; তাকে নৰ- মনিছে নুবুজা দেখি জগত উদ্ধাৰিবলৈ শ্ৰীকৃষ্ণ ৰূপে পূৰ্ণ ব্ৰহ্ম ভৈলন্ত আপুনি অৱতাৰ । সেই কৃষ্ণই একমাত্ৰ উপাস্য দেৱ। গীতাৰ মামেকং শৰণং ব্ৰজ ইয়ে ভক্তি প্ৰদীপতো কৃষ্ণ দেৱ চূড়ান্ত বাণী, পুথি খনিৰ তত্ত্বৰ বৰ পেৰাৰ সঁচাৰ- কাঁঠি । পিছে গীতাত 'অন্য দেৱতা পূজিলেও মোকেই পূজা কৰা হয়' বুলি যিটি কথা কৈছে (অৱশ্যে লগতে তেনে পূজাৰ শেষ ফল যে পতন তাকো লগতে কৈ দিছে ), ইয়াত তাৰ বাবে ঠাই ৰখা হোৱা নাই ।

অন্য দেৱ পূজা নিবাৰণ কৰাই ভক্তি প্ৰদীপৰ মুখ্য উদ্দেশ্য । অৱশ্যে আন ধৰ্মৰ প্ৰতি দ্বেষ আচৰণ কৰাও যুগুত নহয় । এই উদাৰতা বিশেষ লক্ষ্য কৰিবলগীয়া । কিছুমানে এই গ্ৰন্থ খন গুৰু জনাৰ নহয় বুলি ক'ব খোজে কাৰণ ভক্তি প্ৰদীপত বেদ আৰু স্মৃতিশাস্ত্ৰ বিহিত কৃত্যাদি কৰিবলৈ বাৰণ কৰাটো ৷ বেদৰ বিহিত কৰ্ম কৰিবাৰভকতৰ যোগ্য নুই । যদি মোহ হুয়া কৰে কৰ্ম - ধৰ্ম ভকতিত ভৰ্ষ্ট হুই ৷ ভকতে বেদ ৰহিত কৰ্ম কৰা উচিত নহয়, যদি মোহ বশতঃ কৰে তেন্তে ভক্তি ব্যাভিচাৰ হ'ব । ভক্তি প্ৰদীপৰ এই কথাখিনি শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ আদৰ্শৰ গ্ৰন্থ সমূহৰ দ্বাৰা সমৰ্থিত নহয় আৰু কিছুমান এই ক্ষেত্ৰত যুক্তি দাঙি ধৰিছে আকৌ কোনোৱে এই যুক্তি সমূহ খণ্ডন কৰিবলৈ যুক্তি দিছে ।

এইটো সত্য যে অন্য গ্ৰন্থ যেনে গুৰু জনাৰ অমৰ সৃষ্টি কীৰ্ত্তন, দশম আদিৰ দৰে সবল নহয় । ইয়াৰ কাৰণ হৈছে মহাপুৰুষ জনাই এই গ্ৰন্থ ৰচনা কৰিছিল আদি বয়সতে । সেয়ে বিষয়বস্তুৰ উপস্থাপন ৰীতি বা ভক্তিতত্ত্ব বিশ্লেষণ প্ৰণালীত হীন- ডেঢ়ি হোৱা স্বাভাৱিক । নেওগ দেৱৰ "Early History of Vaisnava and Movement inAssam: Sankardeva and His Times " নামৰ গৱেষণা গ্ৰন্থত উল্লেখ কৰিছে যে বাৰ ভূঞা ৰাজ্যত কটোৱা আদি কালছোৱাত ভক্তি প্ৰদীপ ৰচনা কৰিছিল । কথা গুৰু চৰিততো কোৱা হৈছে- তৈতে গৰুড় পুৰাণ চাই ভক্তি প্ৰদীপ কৰিলে; হৰিবংশৰ পৰা ৰুক্মিণী হৰণ কৰিছে" এই উদ্ধৃতিয়েও ভক্তি প্ৰদীপ আদি বয়সৰ ৰচনা বুলি নিৰ্ণয় কৰিব পাৰি । কিন্তু উক্ত গ্ৰন্থ খনৰ কৃষ্ণ অৰ্জুনৰ কথোপকথনৰ মাজেৰে যি কাহিনী বৰ্ণনা কৰা হৈছে অতি মনোৰম । সমস্ত গ্ৰন্থ খনিক ভক্তি ৰসেৰে জীপাল কৰি তুলিবলৈ নাৰদ চণ্ডালিনীৰ কাহিনী বেছি জীৱন্ত । উপমা, ৰূপক আদি অলংকাৰ প্ৰয়োগত তেৰা সফল ৷ ছন্দৰ সাৱলীল গতি, লগত আধ্যাত্মিক ভাৱৰ সমন্বয়ে গ্ৰন্থ খনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে । অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থেৰচনা কৰা অমূল্য গ্ৰহ সমূহৰ ভিতৰত ভক্তি প্ৰদীপ অন্যতম । তেৰাৰ একেশ্বৰ বাদৰ ধ্বনি ইয়াৰ মাজৰে প্ৰৱাহিত হৈছে ।গুৰু জনাৰ আন গ্ৰন্থ সমূহৰ দৰে ভক্তি প্ৰদীপেও অসমীয়া ভক্তি সাহিত্যত কীৰ্তি স্তম্ভ হিচাপেচিনাকি দিবলৈ সক্ষম হৈছে ।

ঠিকনাঃ ৰঙিয়া