ৰ'দৰ চিঠি - ২ (ৰ'দ ৰাগিনী)


ৰাতিতো উজাগৰী হৈ ৰ'ল পাৰ্থৰ বাবে ৷ সীমাহীন ভাবনাই শুবলৈ নিদিলে তাক ৷ কাষৰ বিচনাখনত মিলন খুড়া গভীৰ টোপনিত ৷ কাষতে এনেদৰে স্বস্তিৰে নিদ্ৰাৰত কোনোবা শুই থাকিলে টোপনিক দুচকুত থাপিব নোৱাৰি চটফটাই থকাজনৰ বৰ অসহ্যকৰ হয় ৷ পাৰ্থৰ দুচকুত টোপনি নাই ৷ মনতো টোলপাৰ লগাই আছে হৈ যোৱা কথাবোৰে, অন্তহীন কৌতুহল কিছুমানে ৷ কিযে তাৰ জীৱনতো ! ক'ৰ পৰা ক'ত পালেহি সি ! আৰু সফলতাক জিনি উভতি আহিও সি মুখামুখি হ'লহি অবিশ্বাস্য সত্যতোৰ ৷ উফ ! কি কৈছিল তাক ৰামু কাকাই ! নহয়, ৰামু কাকাই মিছা নকয় তাক ৷ সৰুৰে পৰা যাৰ কোলাত উমলি সি মৰমৰ উষ্ম পৰশ পাইছিল, সেইজন মানুহে মিছা কথা ক'ব নোৱাৰে তাক । ভিত্তিহীনভাবে কৈ দিব নোৱাৰে যে সি অবিনাশ হাজৰিকা আৰু পৰিধি হাজৰিকাৰ নিজৰ সন্তান নহয় বুলি ! তথাপি এই সত্য অবিশ্বাস্য পাৰ্থৰ বাবে ৷ ৰামু কাকাই কৈছিল তাক
- তুমি জানা বাবু, তোমাক মিছাতো কেতিয়াও নকওঁ মই ৷ মোৰ কথাৰ প্ৰমাণ দিবলৈ আজি তোমাৰ মা দেউতা জীয়াই থকা নাই ৷ কিন্তু এজনী মানুহ আছে ৷ এবাৰ ৰচকী বাইৰ ওচৰলৈ যোৱা বাবু ৷ সকলো উত্তৰ বিচাৰি পাবা তাইৰ ওচৰত ৷

মুহূৰ্ততে পাৰ্থৰ মনত ভাঁহি আহিছিল বহু পুৰণি সেই মুখখন ৷ সিহঁতৰ ঘৰত কাম কৰা বাইজনী, ৰচকী বাই !
ৰামু কাকাৰ কথাবোৰে হাঁহাকাৰ কৰিছিল তাৰ অন্তৰত ৷ ভিতৰি নিঃ শেষ হৈ যাব যেন সি ! আজিলৈকে নাজানিলে সি তাৰ প্ৰকৃত পিতৃ মাতৃৰ পৰিচয় ৷ অসমবাসীক গৌৰৱৰ বৰমালা পিন্ধাই পৃথিৱীবাসীৰ আগত নিজৰ সফলতাক প্ৰতিপন্ন কৰা পাৰ্থ হাজৰিকাই নিজৰ অস্তিত্বকে নাজানে ! সম্পূৰ্ণ এসপ্তাহ কেৱল নিজৰ সৈ'তে কটালে পাৰ্থই ৷ হঠাৎ তাৰ এই আচৰণ সংবাদ মাধ্যমৰ বাবেও আলোচনাৰ কাৰণ হৈ পৰিল ৷ কিয় সংবাদ মাধ্যম তথা অসমবাসীৰ মুখামুখি হ'ব বিচৰা নাই পাৰ্থ ! অৱশেষত সিদ্ধান্ত লৈ পেলাইছিল সি ৷ ৰামু কাকাৰ কথা মতেই গৈছিল গাৱঁলৈ, অস্তিত্বৰ সন্ধানত ! গাৱঁত চিনাকী হৈছিল মিলন খুড়াক ৷ দুদিনতে আপোন হৈ পৰিছিল পত্নী- সন্তানহীন এই মানুহজন ৷ এতিয়া মিলন খুড়াই তাক সহায় কৰিব, সত্যৰ মুখামুখি হোৱাত, যন্ত্ৰনা গধুৰ অতীতটোক তাৰ সমুখত উন্মোচন কৰাত ৷ ভাবনাত বিভোৰ পাৰ্থৰ দুচকুত লাহে লাহে থিতাপি ল'লেহি টোপনিয়ে, তেতিয়া পুৱা হ'বলৈ বেছি পৰ নাছিল।
(আগলৈ)