এখন উঁইয়ে খোৱা দস্তাবেজৰ পৰা- ৪ (ৰাজীৱ ৰাজখোৱা)



চোতালৰ মূৰৰ বকুল জোপা উখ জোপোহা ৷ তলসৰা ফুলবোৰে চোতালখনৰ দুৱৰীৰ লগত কথা পাতে ৷ গঢ়া- ভঙাৰ কথা, জীৱনৰ পোৱা, পাই হেৰুৱাৰ কথা… ৷
ওপৰৰ ফেৰেঙনিত টুনি চৰাই এহালে বাহ সাজিছে ৷ সৰু চৰাইবোৰে মানুহৰ অাশ্ৰয়তে বাহ সাজে ৷ চিকাৰী চৰাই বা জন্তুৰ পৰা বাচিবলৈ ৷ কিন্তু মোৰ চোতালত বাৰু সিহঁত সুৰক্ষিত হ'বনে ? যি নিজৰেই সুৰক্ষা দিব নোৱাৰে, সি অানক কি সুৰক্ষা দিব ?
কেইদিনমানৰ পৰা ফেঁচা দুজনীমানে বকুল জোপাত পৰি চিঞৰিবলৈ লৈছে ৷ ভাওনাৰ অাখৰা সামৰি ওভতাৰ পৰত কোনোবা এটাই বকুল জোপাৰ ডালপাত জোকাৰেহি… পিৰালিত উঠি বেৰৰ জলঙাইদি জুমিব খুজে ৷ ইকৰা বেৰখন বহলাই হাতেৰে খেপিয়াই চুব খুজে মোক…

অসহায় হৈ বিছনাৰ এচুকত কুঁচিমুচি ল'ৰা দুটিক সাবটি বহি থাকো হাতত কাঁচি এখন লৈ ৷ ভয়, সংশয় পাহৰি যুদ্ধ কৰো পৰিস্থিতিৰ লগত ৷ কেতিয়াবা চিঞৰি খেদাওঁ, কেতিয়াবা নিজেই আঁতৰি যায় ৷
ৰাতি দুপৰলৈ চলে প্ৰতিদিন এনেবোৰ যুদ্ধ ৷ বুকুৰ মাজত ল'ৰা দুটিক সাবটি লৈ পুৱতি নিশালৈ কান্দো… চকুপানীবোৰ গালতে শুকাই কঢ়াল মাৰে ৷ চিলমিলকৈ টোপনি গ'লেই কাণত খৰমৰাই উঠে আগ নিশাৰ শব্দবোৰ ৷ পাৰ হয় আন এটা অভিশপ্ত ৰাতি ৷ মৰি মৰি জীয়াই থাকি আৰম্ভ হয় পোহৰত ভোক আৰু লঘোনৰ অন্য এখন যুদ্ধ, অন্য এখন পৃথিৱী য'ত মুখা পিন্ধি, শুভ্ৰ পোছাক পিন্ধি ভদ্ৰ হ'ব খুজে মানুহে ৷ জনোৱাৰৰ পোছাক খুলি "মানুহ" হোৱাৰ ভাওধৰে মানুহে… ৷ (আগলৈ)