মাৰ ডায়েৰি - ২ (সৌৰভ জ্যোতি বৰ্মন)


ডায়েৰিটো প্ৰায় চল্লিশ বছৰ পুৰণি । তাৰ প্ৰমাণ উৱলি যোৱা আৱৰণ খন । কিছুমান পৃষ্ঠাটো এনেকুৱা হৈছে যেন কোনোমতে প্ৰাণটো লৈ জীয়াই আছে । ৰূপমে খুৱ সাৱধানতাৰে ডায়েৰিটো মেলিছে । প্ৰথম পৃষ্ঠাটোত লিখা আছে - "মোৰ ডায়েৰি", তাৰ ঠিক তলফালে সৰু আখৰ কেইটামানেৰে লিখা আছে- "মিনতি দেৱী" । নামটো পঢ়ি ৰূপম অলপ আচৰিত হ'ল -- "এইটো মা ডায়েৰি ? মাৰ লিখাৰ চখ আছে ?" ৰূপমৰ মনত এনেকুৱা হেজাৰ প্ৰশ্নই ঢৌ তুলিছে আৰু পৰৱৰ্তী পৃষ্ঠাটো দেখাৰ পিছত ৰূপমৰ মনত সৃষ্টি হোৱা ঢৌবোৰে এটা নিৰ্দিষ্ট গতি পালে ।



"এই ডায়েৰিটো মোক ৰূপমৰ পিতাকে দিছে, তেখেতক হেনো কোনোবাই উপহাৰ দিছিল । শিশুকালৰ পৰাই মোৰ ডায়েৰিৰ এটা বিশেষ চখ আছিল, কিন্তু কেতিয়াও এনেকুৱা নতুন ডায়েৰি চুই পোৱা নাছিলো । সদায়েই আমাৰ পিতাৰ ব্যৱহৃত পুৰণি ডায়েৰি বোৰহে মোৰ হাতলৈ আহিছিল  । যিবোৰ প্ৰায় ভৰ্ত্তি হৈয়েই থাকে । তেখেতৰ হিচাপ - নিকাচ কৰি শেষৰ ফালে যিকেইটা পাত উকা হৈ ৰয়, সেই কেইটাতহে মোৰ অধিকাৰ আছিল । ৰূপমৰ পিতাকে ডায়েৰিটো দিওঁতে কৈছিল- "যি মন যায় তাকেই লিখিবা আৰু যেতিয়া ডায়েৰিটো ভৰ্ত্তি হ'ব তেতিয়াই মই পঢ়িম ।" সেইখিনি সময়ত ৰূপমৰ বয়স দুই বছৰ মান হৈছিল চাগে, তেতিয়া মোৰ বিশ বছৰ আৰু তেখেতৰ পয়ত্ৰিশ বছৰ হৈছিল । মোৰ মনত আছে, আমাৰ পিতাইয়ে কৈছিল- "ল'ৰা পোন্ধৰ বছৰ ডাঙৰ হ'লে কি হ'ল, চৰকাৰী চাকৰি আছেটো, চিন্তা কিহৰ ?" প্ৰথমতে মোৰ আইৰ সন্মতি নাছিল মোক বিয়া দিয়াত, কিন্তু পিতাইক নো ক'ত মনাব পাৰিব । অৱশেষত মোৰ বিয়া হৈ গৈছিল । আৰু এবছৰ পিছতেই ৰূপমৰ জন্ম । শাহু আইয়ে কোৱা এতিয়াও মনত আছে -- "প্ৰাণবন্ত পুতলা এটি উপহাৰ দিলি ও আই" বুজিয়ে পোৱা নাছিলো মই সুখী হ'ম নে দুখী । নিজকে কাৰোবাৰ মা বুলি ভাবিবলৈ বহু কেইমাহ লাগি গৈছিল মোক । ৰাতিপুৱাৰ পৰা গধুলি আৰু গধুলিৰ পৰা ৰাতিপুৱা কেনেকৈ পাৰ হৈছিল অনুভৱেই হোৱা নাছিল । ৰূপমৰ পিতাকক অফিচলৈ যাবলৈ সাজু কৰা, শাহু আইক আলপৈচান ধৰা, মোৰ বাচাৰ চোৱা - চিতা কৰা আৰু ঘৰৰ কামসোপা টো আছেই । মুঠৰ ওপৰত ঘুৰাই - পকাই পাক ঘৰটোৱে মোৰ একমাত্র কোঠা যেন হৈছিল । ৰূপমৰ পিতাকে মই সৰু বুলিয়েই বহুতো ভুল আওঁকাণ কৰিছিল । 

আজি, মই তেখেতলৈ অনা ৰঙ - বিৰঙী ফুলৰ প্ৰিণ্ট থকা চোলাটো দেখি হাঁহি - হাঁহি লেবেজান হৈছিল । বহুত দিনৰ সাঁচতীয়া ধনেৰে আনিছিলো সেই চোলাটো, তথাপিও চোলাটো তেখেতে পিন্ধিয়েই চোৱা নাছিল । বৰঞ্চ, চোলাটো ঘুৰাই দি তেখেতে মোৰ কাৰণে শাৰী এখন হে লৈ আনিছিল, কৈছিল- "মোৰ এতিয়া এই ৰঙ - বিৰঙী কাপোৰ পিন্ধাৰ বয়স নাই... বুজিলা" কথাখিনি তেতিয়া বুজা নাছিলো মই । তেখেতৰ সন্তান এতিয়া মাত্ৰ দুবছৰীয়া, পত্নী বিশ বছৰীয়া তেন্তে, এনেকুৱা কাপোৰ কিয় পিন্ধিব নোৱাৰে - এই কথাখিনি এতিয়াহে ডায়েৰিটো লিখিবলৈ লৈ অলপ মূৰত সোমাইছে - তেখেতটো লাহে - লাহে চল্লিশৰ পিনে গৈ আছে । 
ৰূপমৰ চাহ পিয়লা কেতিয়া শেষ হ'ল গমকেই নাপালে । ল' বেটাৰিৰ ৱাৰ্নিং দি লেপটপ টোওঁ শুই পৰিছে । আৰু ৰূপমে ডায়েৰিটোৰ দ্বিতীয় পৃষ্ঠাটোতেই ডুৱ গৈ থাকি, তৃতীয় পৃষ্ঠালৈ পাত লুটিয়ালে । (আগলৈ)