এক জটিল চৰ্মৰোগ চ'ৰিয়াচিচ (ডা০ ভূপেন শইকীয়া)



চ'ৰিয়াচিচ এবিধ জটিল চৰ্ম ৰোগ ৷ ভাৰতবৰ্ষৰ ১৩৩ কোটি জনসংখ্যাৰ ভিতৰৰ এক কোটিৰো অধিক সংখ্যক লোক চ'ৰিয়াচিচৰ ভুক্তভোগী বুলি জনা যায় ৷ আনহাতে গোটেই বিশ্বৰ একৰ পৰা ৩ শতাংশ লোক লোক চ'ৰিয়াচিচত আক্ৰান্ত বুলি সমীক্ষাত প্ৰকাশ ৷ অসমতো চ'ৰিয়াচিচৰ ৰোগী বহু হাজাৰজন আছে, সেয়ে এই ৰোগৰ বিষয়ে এক সম্যক আলোচনাৰ প্ৰয়োজনীয়তা আছে ৷ অতি প্ৰাচীন কালৰ পৰা মানুহে এই ৰোগৰ বিষয়ে চৰ্চা কৰি আহিছিল ৷ খ্ৰীষ্ট পূৰ্ব ২৫ চনত জন্মা ৰোমান বিশ্বকোষ প্ৰণেতা আউলুচ কৰ্ণেলিউচ চেলচাচে সৰ্বপ্ৰথমে ছালৰ এই ৰোগৰ বৰ্ণনা নিজৰ লিখনিৰ মাধ্যমেৰে ব্যক্ত কৰে ৷ ১৮০৮ -১৮১৩ চনত দুজন ব্ৰিটিছ চিকিৎসক ৰবাৰ্ট ৱিলিয়ান আৰু থমাচ বেটমেনে এই চৰ্মৰোগৰওপৰত বিস্তাৰিত তথ্য আগবঢ়ায় ৷

'চ'ৰিয়াচিচ' (Psoriasis ) শব্দটো গ্ৰীক ভাষাৰ পৰা অহা- যাৰ সমাৰ্থক প্ৰতিশব্দ হ'ল খজুৱতি ৷ এটা সময়ত এই ৰোগক কুষ্ঠ (Leprosy) ৰোগৰ দৰে সংক্ৰামক বুলি ভবা হৈছিল ৷ আৰ্চেনিক, চালফাৰ,পাৰা (Mercury), আয়'ডিন, ফেনাইল, সোণ (Gold salt) আদিৰ দৰে বিপদজনক দ্ৰব্য ৰেচ'ৰিয়াচিচ ৰোগীৰ চিকিৎসা কৰা হৈছিল ৷ ১৯০০চনৰ পৰাহে চ'ৰিয়াচিচৰ আধুনিক চিকিৎসাত ষ্টেৰইড, ক'লটাৰ, আলট্ৰাভায়লেট ৰে’ আদিৰ প্ৰচলন আৰম্ভ হয় ৷ ই যে সংক্ৰামক ব্যাধি নহয় সেই বিষয়েও বিজ্ঞানী সকলে নিশ্চিত হয় ৷
এই ৰোগৰ সঠিক কাৰণ উদ্ভাৱন আৰু ৰোগৰ নিৰাময়ৰ ওপৰত আজিৰ দিনতো অহৰ্নিশে নানান অনুসন্ধান আৰু প্ৰয়োগ চলি আছে ৷ এই লিখনিৰ মাধ্যমেৰে জটিল ৰোগ চ'ৰিয়াচিচৰ বিষয়ে কিছু লাগতিয়াল কথা পাঠক সকলক অৱগত কৰাবৰ প্ৰয়াস কৰিম ৷
চ'ৰিয়াচিচ কিয় বা কি দৰে আৰম্ভ হয় বুজিবলৈ হ'লে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune system) এটি থূলমূল আভাস সকলোৱে জনাৰ প্ৰয়োজন ৷ আমাৰ দেহত বেক্টেৰিয়া, ভাইৰাচ বা আন ৰোগৰ বীজাণুৱে প্ৰৱেশ কৰিলে সেই সংক্ৰমণৰ ফলত আমি অসুস্থহৈ পৰোঁ ৷ আমাৰ তেজত থকা ৰক্ত কণিকা আৰু শ্বেত কণিকাই সেই সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহে ৷ ৰক্ত কণিকাই শৰীৰৰ প্ৰতিটো কোষক আৱশ্যক হোৱা অক্সিজেনৰ যোগান ধৰে ৷ শ্বেত কণিকাত থকা বি -লিম্ফচাইটৰ পৰা এণ্টিবডি উৎপন্ন হয় আৰু শ্বেত কণিকাত থকা টি- লিম্ফচাইটৰ পৰা স্মৃতি বা মেমৰি কোষে পৰৱৰ্তী সংক্ৰমণত ৰোগৰ বিৰুদ্ধে যুঁজাত সক্ৰিয় ভূমিকা লয় ৷ ইয়াৰ ওপৰিও শ্বেত কণিকাত থকা মেক্ৰফেজ নামৰ উপাদানে বীজাণুক গ্ৰাহ কৰে নতুবা আবদ্ধ কৰে আৰু এইদৰে তেজ শোধিত কৰণ কৰে ৷ গতিকে যি কোনো বীজাণুয়ে শৰীৰত সংক্ৰমণ কৰাৰ কেই সপ্তাহমানৰ পিছত শ্বেত কণিকা ৰবি- লিম্ফচাইটৰ পৰা এণ্টিবডি নামৰ যুঁজাৰ সৈনিক নিৰ্গত হয় আৰু আমাৰ শৰীৰক সুৰক্ষা দিব আৰম্ভ কৰে ৷ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ অংশ এই টি- লিম্ফচাইটৰ অতি সক্ৰিয়তাৰ ফলত চ'ৰিয়াচিচ উৎপন্ন হয় বুলি শেহতীয়াকৈ বিজ্ঞানী সকলে দাবী কৰিছে ৷ টি- লিম্ফচাইটৰ কোষবিলাকে নিজৰ শৰীৰৰ ছালক চিনাক্ত কৰাত ভুল কৰাৰ পৰিণতি (Autoimmunity) হ'ল চ'ৰিয়াচিচৰ উৎপত্তিৰ সম্ভাব্য তত্ব ৷ ১০ শতাংশ ৰোগীৰ পৰিয়ালৰ আন কাৰোবাৰ এই ৰোগ থকালৈ চাই চ'ৰিয়াচিচত বংশ গতিৰো এক ভূমিকা থাকিব পাৰে বুলি ভবা হৈছে ৷ চ'ৰায়াচিচৰ সৈতে জড়িত থাকিব পৰা ৩ বিধ জিনৰ নাম হ'ল- NAT 9, RAPTOR, SLC9A3R1 ৷ আকৌ পাৰিপাৰ্শ্বিকতা জনিত কাৰকো ইয়াৰ লগত জড়িত হ'ব পাৰে ৷ মহিলাৰ তুলনাত চ'ৰিয়াচিচ হোৱা পুৰুষৰ সংখ্যা বেচি বুলি জনা যায় ৷
ৰোগৰ উৎপত্তিত অৱদান যোগোৱা আন আন কাৰক কিছুমান হ'ল -
• শাৰীৰিক- মানসিক চাপ বা ষ্ট্ৰেচ
• আঘাত যেনে কটা-চিঙা, জ্বলা- পোৰা, ৰ'দৰ উত্তাপত শৰীৰ দেই যোৱা, উৰহ বা আন পোকৰকামোৰ আদি
• ধূম্ৰপান
• মদ্যপান
• কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে- যেনে বিষনাষক, মেলেৰিয়াৰ দৰব, উচ্চ ৰক্তচাপত ব্যৱহৃত বিটাব্লকাৰ আৰু মনোৰোগৰ চিকিৎসাত প্ৰয়োগ হোৱা লিথিয়াম ৷
• বীজানুৰ সংক্ৰমণ- যেনে শিশুৰ স্পেক্ট্ৰক ক্কেল বীজানুৰ ডিঙি বা ছালত হোৱাসংক্ৰমণ
• মেদবহুলতা – অতি শকত লোকৰ ছালৰ ভাজত চ'ৰিয়াচিচৰ তৰপ পৰা দেখা যায় ৷

চ'ৰিয়াচিচৰ ক্ষেত্ৰত লক্ষণীয় আন কিছু দিশ তলত উল্লেখ কৰিলোঁ-
- ই সোঁচৰা ৰোগ নহয় ৷
- কেঁচুৱাৰ পৰা বৃদ্ধ বয়সলৈ যি কোনো ব্যক্তিৰ চ'ৰিয়াচিচ হ'ব পাৰে ৷
- সাধাৰণতে ২০ৰ পৰা ৩০ বছৰ বয়সত এই ৰোগ আৰম্ভ হোৱা দেখা যায় ৷
- এবাৰ আৰোগ্যহৈ পুনৰ ৰোগাক্ৰান্ত হোৱা প্ৰায় দেখা যায় ৷
- গ্ৰীষ্মকালৰ তুলনাত শীকালত ৰোগৰ প্ৰকোপ বেচি হয় ৷
- ১০ ৰ পৰা ৩০ শতাংশ লোকৰ কেতিয়াবা আপোনা আপুনি ৰোগ ভাল হয় ৷
- এই ৰোগ সাধাৰণতে এটা চকৰিৰ দৰে ঘূৰি থাকে ৷ কেইবা সপ্তাহ বা মাহ জুৰি অসুখে তীব্ৰ ৰূপ ধৰে তাৰ পিছত শাম কাটে ৷ ৰোগৰ চোক কমি শান্তহৈ থাকে ৷ নিজে নিজে ৰোগৰ উপশম হয় ৷ নাইবা পুনৰ নকৈ উক দিয়ে ৷

চ'ৰিয়াচিচৰ লক্ষণ সমূহঃ
ব্যক্তি ভেদে লক্ষণ সমূহৰ কিছু তাৰতম্য দেখা যাব পাৰে, কিন্তু সাধাৰণ লক্ষণ সমূহ তলত উল্লেখ কৰা ধৰণৰ-
- ছালৰ ওপৰত বিভিন্ন আকাৰৰ ৰঙা বৰণৰ টুকুৰা, যাৰ ওপৰত পাতল ৰূপালী তৰপ দেখা যায় ৷
- ছাল হৈ পৰে শুষ্ক, ফাট মেলা, ৰক্তক্ষয় হ'ব খোজা ৷
- খজুৱতি, পোৰণি আৰু জ্বলা ভাৱ লগত থাকে ৷
- নখবোৰ সাধাৰণতে হৈ পৰে আঁচোৰ থকা, ডাঠ, গাত থকা ধৰণৰ ৷
- হাঁড়ৰ গাঁঠি সমূহ ফুলি উঠা আৰু জঠৰ হোৱা ৷




চ'ৰিয়াচিচৰ প্ৰকাৰঃ
১) চ'ৰিয়াচিচ ভালগাৰিচ বা প্লেকু চ'ৰিয়াচিচ - প্ৰায় ৮০শতাংশ ৰোগী এই শ্ৰেণীত পৰে ৷ মানুহৰ ছাল প্ৰতি মাহে নকৈ আহে ৷ চ'ৰিয়াচিচ হ'লে নতুন অপৰিপক্ক ছালৰ ওপৰত ৰঙচুৱা ডাঠ তৰপৰ (Plaque) সৃষ্টি হয় ৷ এনে তৰপ ঘাইকৈ কিলাকুটি, আঁঠু, মূৰৰ ছাল, কঁকাল, পিঠিত বেচিকৈ হোৱা পৰিলক্ষিত হয় ৷ কিন্তু শৰীৰৰ যি কোনো ঠাইতে এনে হ'ব পাৰে ৷ যৌনাংগ, কৰঙণ, মুখৰ ভিতৰতো হব পাৰে ৷ জননেন্দ্ৰিয় আক্ৰান্ত হ'লে প্ৰসাব আৰু সহবাস কষ্ট প্ৰদ হ'ব পাৰে ৷ মুখৰ ভিতৰৰ ছাল আক্ৰান্ত হ'লে চোবোৱাত বাগিলাত কষ্ট হ'ব পাৰে ৷ সেই ডাঠ তৰপৰ ওপৰত ৰূপালী এৰাব খোজা পাতল তৰপ একোটা থাকে ৷ খজুৱতি কম বেছি পৰিমাণে থাকেই ৷ বিষো হ'ব পাৰে ৷ তেজো নিগৰিব পাৰে ৷ শৰীৰত এনে তৰপ কেইটামান বা বহুখিনি হ'ব পাৰে ৷
২) নখৰ চ'ৰিয়াচিচত হাতৰ আৰু ভৰিৰ নখৰ আকৃতি, ৰঙ, গঢ়ৰ বিজুতি ঘটে ৷ নখৰ ওপৰখন আঁচ- আঁচ বা ফাট মেলা ধৰণৰ হ'ব পাৰে ৷ নখটো তলৰ সংলগ্ন আঙুলৰ পৰা পৃথক হৈ এৰাই আহিব পাৰে ৷ একে সময়তে নখচুকীয়া ৰোগ নহ'লে নখত ভেঁকুৰে ধৰিব পাৰে ৷
৩) মূৰৰ (Scalp) চ'ৰিয়াচিচত আক্ৰান্ত অংশ ৰঙা পৰে আৰু অতিপাত খজুৱতি হয় ৷ চুলিৰ সীমাৰ তললৈকে ৰোগ বাঢ়িব ধৰে ৷ চুলি সৰিব ধৰে ৷ মূৰটো বগা উফিয়ে ধৰা যেন দেখুৱায় ৷
৪) নিয়ৰ কণিকা সদৃশ্য গোটাটে (Guttate) চ'ৰিয়াচিচত সাধাৰণতে কম বয়সীয়া লোক ভুক্তভোগী হয় ৷ বেক্টৰিয়াৰ সংক্ৰমণৰ পিছত চ'ৰিয়াচিচ আৰম্ভ হয় ৷ শৰীৰত এক চেণ্টিমিটাৰ বা তাতকৈ সৰু ব্যাসাৰ্ধৰ পাতল দাগ বুকু, ভৰি নহ'লে বাহুৰ অঞ্চলত হ'বলৈ ধৰে ৷
৫) ইনভাৰ্চ (Inverse) বা ফ্লেকচুৰেল (Fluctural) চ'ৰিয়াচিচ বেচিকৈ শকত লোকৰ হয় ৷ কাষলতিৰ তলত, কৰঙণৰ চুকত, জননেন্দ্ৰিয় কাষত বা স্তনৰ তলত মিহি ৰঙচুৱা দাগ বহিব ধৰে ৷ খজুৱতিৰ ওপৰি বিষো হ'ব পাৰে ৷ ভেঁকুৰত ভূগিব পাৰে ৷ গৰম বতৰ, ঘৰ্ষণ হ"লে, ঘমাৰ্ত হ'লে অসুখ বেচি কষ্ট্ৰ পদ হয় ৷
৬) পূঁজৰে ভৰা (Pustular) চ'ৰিয়াচিচ কোনো কোনোজনৰ হ'ব পাৰে ৷ অতি কম সংখ্যকৰহে এনে হয় ৷ ৰঙা পৰা ছালত বিষ, জ্বৰ, খজুৱতি আৰু হাগনি থাকিব পাৰে ৷ অসুখ সৰ্বশৰীৰত (Von Zumbusch), হাতৰ- ভৰিৰ তলুৱাত (Palmoplanter) নহ'লে আঙুলিৰ অগ্ৰ ভাগত (Acropustular) হ'ব পাৰে ৷
৭) এৰিথ্ৰডামেটিক (erythrodermotic) চ'ৰিয়াচিচ - আটাইতকৈ কমকৈ হোৱা এই ৰোগ বৰ গুৰুতৰ ৷ গোটেই ৰঙা পৰে ৷ ছাল এৰাব ধৰে ৷ ভীষণ খজুৱতি আৰু পোৰণি হয় ৷ ডিহাইড্ৰেচন, বেক্টেৰিয়াৰ সংক্ৰমণ আৰু পুষ্টিহীনতাই দেখা দিব পাৰে ৷
৮) গাঁঠিৰ হাঁড়ৰ চ'ৰিয়াচিচ - ১০ ৰ পৰা ৩০ শতাংশ ৰোগীয়ে ইয়াত আক্ৰান্ত হয় ৷ কম বেচি পৰিমাণে হাঁড়ৰ গাঁঠি বিলাক ফুলি উঠে আৰু বিষ হয় ৷ একেলগে নখৰো বিকৃতি হয় ৷




চ'ৰিয়াচিচৰ পৰা হ'ব পৰা জটিলতা সমূহঃ
• চকুৰ– য়ুভিয়াইটিচ, কনজাংটিভাইটিচ, চকুৰ পতাৰ সংক্ৰমণ
• হৃদৰোগ – ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, শৰীৰৰ চৰ্বি বঢ়া ডিচলিপিডেমিয়া আদি
• স্নায়ুজনিত- পাৰকিনচ'নিজম
• মানসিক ৰোগ- ডিপ্ৰেচন
• কিডনিৰ অসুখ
• ডায়েবেটিজ
• মেটাবলিক চিনড্ৰম
• অন্যান্য অ'টো- ইমিউন ডিজিজ যেনে ইৰিটেবল বাৱেল চিনড্ৰম, চিলিয়াক ডিজিজ, ক্ৰণছডিজিজ, মাল্টিপল স্কেৰচিচ ৷

আন একে দেখা ৰোগৰ পৰা পৃথকীকৰণঃ পিটিৰিয়াচিচ ৰজিয়া, লাইকেন প্লেনাচ, ছালৰ ভেঁকুৰ, চেবৰিক ডাৰ্মাটাইটিচ ৷
°চিকিৎসাৰ চমু আভাস°
চ'ৰিয়াচিচৰ চিকিৎসা যিকোনো চিকিৎসকৰ বাবে প্ৰত্যাহ্বান স্বৰূপ ৷ দৰাচলতে ৰোগৰ সম্পূৰ্ণ নিৰাময়ৰ কোনেও নিশ্চয়তা দিব নোৱাৰে ৷ কিছুমান ঔষধে বিপদজনক পাৰ্শ্ব ক্ৰিয়াও কৰিব পাৰে ৷ তথাপিও বৰ্তমান সময়ত নানান আধুনিক দৰবৰ সহায়ত আৰু চিকিৎসা পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা আশা প্ৰদ পৰিণাম দেখা যোৱাটো ৰোগীৰ বাবে সন্তোষৰ বতৰা ৷
নিম্নলিখিত কিছুমান লগোৱা দৰব হ'ল-
• ষ্টেৰইড ক্ৰিম
• ভিটামিন- ডি ক্ৰিম -কেলচিট্ৰল, কেলচিপ্ৰটিনে
• এনথ্ৰালিন নামৰ মল মেছালৰ ডি এন এ কোষক নিয়মীয়া ক্ৰিয়া কৰাত সহায় কৰে ৷
• ৰেটিনয়ডমলম যেনে টাৰ্যোটিন
• টাৰকোলিমাচ মলমে টি- লিম্ফচাইটৰ সক্ৰিয়তা নিয়ন্ত্ৰণ কৰে
• চেলিচাইলিক মলম
• কোলটাৰ মলম
° ছালৰ আৰ্দ্ৰতা বৰ্তাই ৰখা ক্ৰিম (Moisturizures)


আলট্ৰা ভায়লেট ৰে, ফটো- কেম থিৰাপি (চ'ৰালিন আৰু পুভা), সূৰ্য্যৰ ৰশ্মিৰ প্ৰয়োগ, লেজাৰ আদিৰ প্ৰয়োগ বিশেষজ্ঞ সকলে ৰোগী ভেদে কৰি মিশ্ৰিত ফলাফল পাইছে ৷
নানাবিধ ঔষধিৰ প্ৰয়োগ- ইমিউনিটি প্ৰতিৰোধক দৰব, টি- লিম্ফ চাইটৰ সক্ৰিয়তা কমোৱা নান বিধ খোৱা দৰব আৰু বেজী বৰ্তমান বজাৰত উপলব্ধ ৷ সতৰ্কতাৰে সেইবিলাক ঔষধৰ প্ৰয়োগ নকৰিলে লিভাৰ, কিডনিত ছাপৰ সৃষ্টি কৰিব পাৰে আৰু সকলো ধৰণৰ তেজৰ কণিকা হ্ৰাস কৰিব পাৰে ৷ কিছুমান উল্লেখযোগ্য দৰবৰ নাম হ'ল- চাইক্লস্পৰিন, মেথট্ৰিস্কেট ,ইটানাৰ চেপ্ট, ইনফ্লিস্কিমেব, উইষ্টেকিনুমেব আদি ৷
নানাবিধ লাগতিয়াল সৰুসুৰা কথা-
- চ'ৰিয়াচিচৰ প্ৰতিষেধক আজিলৈ ওলোৱা নাই ৷ কিন্তু কিছমান ঘৰুৱা প্ৰয়োগৰ দ্বাৰা ৰোগ নবঢ়াকৈ কিছু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পাৰি ৷ আয়ুৰ্বেদিক আৰু হোমিঅ' পেথিক চিকিৎসাৰো মিশ্ৰিত ফলাফল দেখা যায় ৷

- সদায় সন্তুলিত সুষম খাদ্য গ্ৰহণ কৰক ৷ প্ৰচুৰ ফল- মূল আৰু শাক- পাচলিৰ পৰা শৰীৰে ৰক্তশোধক এন্টি অক্সিডেন্ট আৰু ভিটামিন আহৰণ কৰে ৷ অলিভ অইল, টুনা, চলমান জাতীয় মাছৰ পৰা অমেগা- ৩ নামৰ লাগতিয়াল তত্ব শৰীৰে আহৰণ কৰিব পাৰে ৷
- নিয়মিত ব্যায়াম আৰু যোগাসন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে ৷
- মদ, চিগাৰেট, জাংক ফুড, টিনত অহা ৰেডিমেড খাদ্য পৰিহাৰ কৰক ৷
- নিয়মিত নিদ্ৰাৰ অভ্যাস গঢ়ক ৷
- অতিপাত শাৰীৰিক- মানসিক ছাপ এৰাই চলক ৷
- দেহক শীতৰ প্ৰকোপৰ পৰাব চাওক ৷ বাতানুকুলিত যন্ত্ৰ সতৰ্কতাৰে ব্যৱহাৰ কৰিব ৷
- চিন্থেটিকৰ সলনি কপাহী কাপোৰ ব্যৱহাৰ কৰক ৷
-নহৰু আৰু এলোভেৰাৰ ৰসত চ'ৰিয়াচিচ প্ৰতিৰোধক তত্ব থকা বুলি অনুমান হয় ৷
- গা ধোৱাৰ আগতে শৰীৰটো নাৰিকল তেলেৰে মালিচ কৰিলে ছাল সোনকালে শুষ্কহৈ নাযায় ৷
- পকাকলৰ বাকলি ঘঁহিলেও ছাল মিহি হয় ৷
- তুলসী আৰু মহা নিমৰ পাত চৰ্মৰ বাবে উপযোগী ৷ খাবলৈ গা ধুবলৈ ব্যৱহাৰ কৰক ৷
- আপোনাৰ চিকিৎসকৰ পৰামৰ্শ মানি চলক ৷ নিজাববীয়াকৈ আনক দেখি কোনো দৰবৰ প্ৰয়োগ নকৰিব ৷


ঠিকনাঃ ডোহা, কাটাৰৰ পৰা
দূৰভাষঃ ৯৭৪ ৩৩৭৩৮৭২২
ইমেইলঃ drbksaikia@gmail.com