লক্ষ্যণীয় বিষয় যে, শিক্ষাগত অৰ্হতা তথা দক্ষতা থাকিলেও বহু ক্ষেত্রত আমাৰ ৰাজ্যখনৰ বহুসংখ্যক যুৱক- যুৱতীয়ে চৰকাৰী অথবা ব্যক্তিগত প্রতিষ্ঠানত আশা কৰা মতে নিযুক্তি লাভ কৰিবলৈ সক্ষম নহয় । ফলত ৰাজ্যখনত নিবনুৱা সমস্যাই গা কৰি উঠিছে । আমি সকলোৱে বুজা উচিত যে, কেৱল চাকৰিৰ দ্বাৰা নিবনুৱা সমস্যাৰ সমাধান কেতিয়াও সম্ভৱ নহয় । চাকৰিৰ বাহিৰেও সৰু- বৰ উদ্যোগ গঢ়ি বা ব্যৱসায়- বাণিজ্যৰ জৰিয়তে নিজে উপাৰ্জনক্ষম হৈ উঠাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰি । এই সম্পৰ্কে চৰকাৰী, বে -চৰকাৰী, স্বেচ্ছাসেৱী অনুষ্ঠান আৰু ছাত্র সংগঠন সমূহে ৰাজ্যখনৰ সকলো অঞ্চলতে সজাগতা সভা আৰু কৰ্মশালা আয়োজন কৰি ছাত্র- ছাত্রী তথা যুৱক- যুৱতীসকলক কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সমূহৰ বিষয়ে ভালদৰে বুজাই দিয়াৰ লগতে বিভিন্ন ধৰণৰ ঋণ আগবঢ়োৱা বিত্তীয় অনুষ্ঠানসমূহৰ বিষয়েও বিতংকৈ জনাব লাগে । তদুপৰি, বাতৰি কাকত আৰু আলোচনী সমূহেও সামাজিক দায়বদ্ধতাৰে সমাজ আৰু ৰাজহুৱা স্বাৰ্থৰ প্রতি লক্ষ্য ৰাখি ‘স্বনিয়োজন’ৰ বিভিন্ন দিশ সামৰি নিয়মীয়াকৈ লেখা প্রকাশ কৰিলেও জনসাধাৰণ লাভৱান্বিত হ’ব । চৰকাৰী চাকৰিৰ অবিহনেও সৰু -বৰ উদ্যোগ গঢ়ি বা ব্যৱসায় -বাণিজ্য কৰিও যে সন্মানীয় জীৱন নিৰ্বাহ কৰিব পাৰি সেই কথা উপলব্ধি কৰি কিছু সংখ্যক যুৱক- যুৱতীয়ে স্বনিয়োজনৰ পথ বাচি ল’লে নিবনুৱা সমস্যা অলপ হ’লেও কমিব বুলি আশা কৰিব পাৰি ।
এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে- কেৰিয়াৰৰ ক্ষেত্রত কোনো ব্যক্তিয়েই এশ শতাংশ সন্তুষ্টি লাভ নকৰে । কোনো ব্যক্তিয়ে হয়তো দৰমহাক লৈ সন্তুষ্ট নহ’ব পাৰে, কোনোবাজন হয়তো কৰ্মস্থলীলৈ নতুবা সহকৰ্মীকলৈ সন্তুষ্ট নহ’ব পাৰে ইত্যাদি । ব্যক্তিগত খণ্ডত সৎ ভাবে চাকৰি কৰি বা ব্যৱসায়- বাণিজ্য কৰি জীৱন ধাৰণ কৰি থকা সকলে চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰা নাই বুলি হীনমন্যতাত ভোগা উচিত নহয় । তদুপৰি, ব্যক্তিগত খণ্ডৰ চাকৰিয়াল তথা ব্যৱসায়- বাণিজ্য কৰা ব্যক্তিসকলক চৰকাৰী খণ্ডৰ চাকৰীয়াল সকলৰ দৰে সম দৃষ্টিৰে নোচোৱাৰ মানসিকতা পৰিহাৰ কৰিব পাৰিলেহে সমাজৰ প্রত্যেক জন ব্যক্তিৰে যিকোনো কৰ্মৰ প্রতি আগ্রহ বৃদ্ধি হ’ব । উদ্যোগীসকলে নিজে উপাৰ্জন কৰাৰ লগতে আনকো নিয়োগৰ সুবিধা প্রদান কৰিব পাৰে ।চাকৰিয়ালৰ উপাৰ্জন সীমিত কিন্তু উদ্যোগীৰ নহয় । উদ্যোগীসকলে যিমানেই যত্ন কৰে সিমানেই উপাৰ্জনো বৃদ্ধি হয় আৰু নতুন নতুন দিশত কাম সম্প্রসাৰিত কৰিব পাৰে । চাকৰিয়াল সকল সদায় সীমাৰ মাজত আবদ্ধ । চাকৰিয়াল সকলৰ দিনটোৰ বাবে নিৰ্দিষ্ট কৰ্মৰ সময় থাকে কিন্তু উদ্যোগীসকলৰ ক্ষেত্রত কৰ্মৰ কোনো নিৰ্দিষ্ট সময় সীমা নাথাকে । সাধাৰণতে, চাকৰি কৰি সৎ উপায়েৰে ধনী হোৱাটো সম্ভৱ নহয় কিন্তু সৎ উপায়েৰে উদ্যোগ স্থাপন কৰি বা ব্যৱসায় কৰি ধনী হোৱা সম্ভৱ ।
ব্যৱসায়- বাণিজ্য বা উদ্যোগ স্থাপন কৰিবলৈ প্রয়োজন হোৱা বিভিন্ন
ধৰণৰ ঋণ আৰু সাহায্য আঁচনিৰ বিষয়ে পৰামৰ্শ গ্রহণ কৰিবলৈ আগ্রহী ব্যক্তিয়ে জিলা
উদ্যোগ আৰু বাণিজ্য কেন্দ্র, চৰকাৰী বিভাগ অনুষ্ঠান- প্রতিষ্ঠানবোৰৰ উপৰিও
ৰাষ্ট্রীয় আৰু ৰাজ্যিক বিত্তীয় অনুষ্ঠান, ৰাষ্ট্রীয়কৃত বেংক সমূহত যোগাযোগ কৰিব
পাৰে । যেনে- ৰাষ্ট্রীয় ঔদ্যোগিক বৃত্তীয় নিগম (Industrial Finance Corporation of
India, http:// www.ifciltd.com), ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক
(Small Industries Development Bank of India, https:// www.sidbi.in), ৰাষ্ট্রীয় লঘু উদ্যোগ নিগম (National
Small Industries Corporation, www.nsic.co.in), ৰাষ্ট্রীয় কৃষি আৰু গ্রামীণ উন্নয়ন বেংক
(National Bank for Agriculture and Rural Development, https:// www.nabard.org), ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক
(Industrial Development Bank of India, http:// www.idbi.com), নেড্ ফি (North Eastern Development
Finance Corporation Ltd, www.nedfi.com), অসম বিত্তীয় নিগম (Assam Financial Corporation,
www.afconline.g ov.in), অসম ঔদ্যোগিক নিগম (Assam Industrial
development Corporation, www.aidcltd.com), অসম লঘু উদ্যোগ নিগম (Assam Small Industries
Development Corporation, http:// www.assamsidcltd .com), ভৈয়াম জনজাতি উন্নয়ন নিগম, অনুসূচিত জাতি
উন্নয়ন নিগম, অন্যান্য পিছপৰা জাতি উন্নয়ন নিগম আদি ৷ সেইদৰে ৰাষ্ট্রীয়কৃত বেংক
যেনে- ষ্টেট বেংক অৱ ইণ্ডিয়া, এলাহাবাদ বেংক, অন্ধ বেংক, বেংক অৱ ব’ৰডা, বেংক অৱ
ইণ্ডিয়া, বেংক অৱ মহাৰাষ্ট্র, কানাড়া বেংক, ক’পৰেচন বেংক, চেণ্ট্রেল বেংক অৱ
ইণ্ডিয়া, ডেনা ইণ্ডিয়ান বেংক, ইণ্ডিয়ান ওভাছিয়াছ বেংক, পাঞ্জাৱ নেচনলেবেংক, পাঞ্জাৱ
এণ্ড সিন্দ বেংক সিণ্ডিকেট বেংক, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, ইউনাইটেড বেংক অৱ
ইণ্ডিয়া, অৰিয়নটেল বেংক অৱ কৰ্মাচ, ইউকো বেংক, বিজয়া বেংক আদিৰ নিজা নিজা কিছুমান
ঋণ আৰু সাহায্য আঁচনি আছে ।
ব্যৱসায়- বাণিজ্য বা উদ্যোগ স্থাপনৰ বাবে
প্রশিক্ষণ প্রদান কৰা অসমৰ কেইটামান প্রতিষ্ঠান হ’ল-
১) ৰাজ্যিক গ্রামোন্নয়ন প্রতিষ্ঠান (State Institute of Rural Development, http:// www.sirdassam.in)
২) আই. আই. ই. (Indian Institute of Entrepreneurshi p, http:// iie.nic.in)
৩) চিপেট (Central Institute of Plastic Engineering and Technology, http:// www.cipet.gov.in)
৪) ফাইনাৰ (Federation of industries & Commerce of North Eastern region,
http:// www.finer.in)
৫) ভাৰতীয় উদ্যোগী বিকাশ প্রতিষ্ঠান (Entrepreneursh ip Development Institute of India, http:// www.ediindia.org) ইত্যাদি ।
অসমত মহিলাই স্থাপন কৰিব পৰা কিছুমান উদ্যোগ তথা ব্যৱসায় হ’ল- বিউটি পাৰ্লাৰ,
নাৰ্চাৰী, অসমীয়া গহনা বিক্রীৰ প্রতিষ্ঠান, কম্পিউটাৰৰ প্রয়োজনীয় সামগ্রী যোগান,
টিভি মেৰামতি, কুকুৰা, ছাগলী, গৰুৰ ফাৰ্ম, পোহনীয়া জন্তু চৰাইৰ বিক্রী কেন্দ্র,
কুৰিয়াৰ ছাৰ্ভিচ, কিতাপ, আলোচনী আদি বন্ধা, মাছৰ একুৰিয়াম, কেটাৰিং ছাৰ্ভিচ, মটৰ
ড্রাইভিং স্কুল, কেৰিয়াৰ কাউন্সেলিং, স্কুল আৰু কলেজৰ ছাত্র- ছাত্রীৰ ইউনিফৰ্ম,
এম্ব্রইডাৰি, পুতলা নিৰ্মাণ, বুক বাইণ্ডিং, ফটোষ্টেট আৰু লেমিনেচন, ডি.টি.পি.,
ভিডিঅ’ ৰেকৰ্ডিং, ট্রেভেল এজেন্সি,পৰ্যটন সেৱা কেন্দ্র, ভাড়াত গাড়ী দিয়া, পেকেজিং
উদ্যোগ, আচাৰ আৰু জাম -জেলী প্রস্তুত, কাঠফুলাৰ খেতি, ফুলৰ বাগিচা, বাঁহ- বেতৰ
উদ্যোগ, গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন সামগ্রী, ফাষ্ট ফুড ৰেস্তোৰাঁ, টেণ্ট হাউচ,
মৰাপাটেৰে তৈয়াৰী বিভিন্ন সামগ্রী, আইচক্রীম, বেকাৰী, পিঠা আৰু লাডু প্রস্তুত,
ক্রেচ, ছবি অঁকা স্কুল ,গানৰ স্কুল আদি ।
বৰ্তমান সময়ত বহু সংখ্যক যুৱক- যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিছাৰে কিন্তু, বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিতে নিয়োজিত হৈ আছে ৷ এই নিবনুৱা যুৱক- যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্রতি আগ্রহী হ’লে শাৰীৰিক, মানসিক তথা আৰ্থিকভাৱেও যে লাভৱাম্বিত হ’ব, সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে- চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং চাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় ৷
বৰ্তমান সময়ত বহু সংখ্যক যুৱক- যুৱতীক দেখা গৈছে যে, লাজ আৰু সংকোচৰ বাবে নিজ ৰাজ্যত কিছুমান বৃত্তিত নিয়োজিত হ’বলৈ নিবিছাৰে কিন্তু, বহিঃৰাজ্যত গৈ একেধৰণৰ বৃত্তিতে নিয়োজিত হৈ আছে ৷ এই নিবনুৱা যুৱক- যুৱতীসকলে বহিঃৰাজ্যলৈ যোৱাৰ সলনি নিজ ৰাজ্যতে তেনেবোৰ বৃত্তিৰ প্রতি আগ্রহী হ’লে শাৰীৰিক, মানসিক তথা আৰ্থিকভাৱেও যে লাভৱাম্বিত হ’ব, সেই সম্পৰ্কে সজাগতা আনিবৰ বাবে অসমৰ ছাত্র সংগঠনবোৰ তথা স্বেচ্ছাসেৱী অনুষ্ঠান, চৰকাৰী, বে- চৰকাৰী অনুষ্ঠান আৰু ছ’চিয়েল নেটৱর্কিং চাইটৰ অসমৰ হকে কাম কৰি থকা বিভিন্ন গোটবোৰ আগ বাঢ়ি আহিলে ভাল হয় ৷
বিভিন্নধৰণৰ চাকৰিৰ খবৰ সংগ্রহ কৰিব পৰা এটা ৱেবচাইট হ'ল “চাকৰি (www.sakori.org)” । “চাকৰি”ত স্থানীয় সংবাদপত্রত প্রকাশিত
বিভিন্ন ধৰণৰ চাকৰিৰ বিজ্ঞাপন আৰু বিভিন্ন কোম্পানীৰ নিজস্ব ৱেবছাইট আৰু নিযুক্তি
সম্পর্কীয় ৱেবছাইটবোৰত প্রকাশিত নিয়োগ বাৰ্তাসমূহ একত্রিত কৰি উপলব্ধ কৰা হয় ।
ঠিকনাঃ সহকাৰী অধ্যাপক,
যান্ত্রিক অভিযান্ত্রিক বিভাগ,
গিৰিজানন্দ চৌধুৰী
ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড
টেকন’লজী,
গুৱাহাটী-৭৮১০১৭ ,
অসম ৷
দূৰভাষঃ ০৯৪৩৫১-৮৮৬৩০ ৷
ই-মেইলঃ
buljit@gmail.co m
(বিঃদ্রঃ কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ
ফোন(৯৪৩৫১৮৮৬৩০) কৰিব পাৰে ।)








