সম্পাদকীয়




" হুৰাই লৈ ধান খেৰৰ ছাই
অতিকৈ চেনেহৰ ব'হাগৰ বিহুটি
হাততে মলঙি যায় ৷"


অসমীয়া বাপতি সাহোন ৰঙালী বিহু অৰ্থাৎ ব'হাগ বিহু উলহ-মালহেৰে পালন কৰি সকলো অসমীয়াই মনত ৰং সানিলে ৷ এতিয়া ব'হাগী আইক বিদায় দিয়াৰ বেলা সমাগত ৷

ইংৰাজী মে মাহত দুটাকৈ আন্তজাৰ্তিক দিৱস পালন কৰা হয় ৷

ইংৰাজী মে মাহৰ প্ৰথম দিনাখনেই আন্তজাৰ্তিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় ৷ বিশ্ব সকলো ঠাইতে সকলো লোকে সেইদিনটোত শ্ৰমিক সকলক শ্ৰদ্ধা কৰি শ্ৰমিক দিৱস পালন কৰে ৷ সেই দিনাই চৰকাৰে শ্ৰমিক সকলৰ কল্যাণৰ স্বাৰ্থত বিভিন্ন ধৰণৰ আঁচনি হাতত লয় ৷ আশা কৰোঁ সকলো শ্ৰমিকৰ কল্যাণ হওঁক ৷


আন্তজাৰ্তিক মাতৃ দিৱস ইংৰাজী ১৪ মেৰ দিনা আন্তজাৰ্তিক মাতৃ দিৱস হিচাপে পালন কৰা হয় ৷ অসমীয়াত এষাৰ কথা আছে-
"আইৰ সমান হ'ব কোন
নৈৰ সমান ব'ব কোন"


সঁচাইকৈ এই পৃথিৱীত আইতকৈ ডাঙৰ একোৱেই নাই ৷ এগৰাকী মাতৃয়ে সন্তানৰ বাবে সকলোখিনি কৰিব পাৰে ৷ জন্ম দিয়াৰ পৰা আৰম্ভ কৰি লালন- পালনৰ লৈকে ৷ কিন্তু তাৰ বিনিময়ত সন্তানৰ পৰা বিচাৰে মৰম, সেৱা, শ্ৰদ্ধা, সহানুভূতি ইত্যাদি ইত্যাদি ৷
শেষত সকলো সন্তানে মাতৃক শ্ৰদ্ধা কৰক, সন্মান কৰক তাৰে কামনা কৰি সকলো মাতৃলৈ বৰ্ণিল ই- আলোচনীৰ তৰফৰ পৰা শুভকামনা জনালো ৷