ছায়াৰ কথাৰে (কাৱেৰী কাশ্যপ বৰা)


পুতি থোৱা সপোনবোৰক তাই আজি উনুকিয়াই চাইছে ৷ হেঁপাহৰ দলিচাখনত পাৰ হোৱা সেই হাজাৰটা মৌ-সনা মুহূৰ্তত যেন তাই আজি ডুব যাব ৷ বাৰে পতি খুলি চায় তাৰ ফেচবুক প্ৰফাইল.... প্ৰফাইল ফটো খন আজি প্ৰায় ছমাহ ধৰি সেই একেই আছে; মাত্ৰ মুহূৰ্তত একোটি আপডেট । জানে তাই আপডেটবোৰৰ আৰত থকা "তাইজনী" যে তাইয়েই ৷

'পৰ জনমৰ শুভ লগনত'....

-"উম...গানটো ভাল লাগে বহুত"
' যি বুজি পাই তাৰ বাবে বেছি প্ৰিয়'
-"কিছুমান কথা যে বুজিও নুবুজাৰ ভাও ধৰিবলগীয়া হয়..."
'ভাল হওঁক তোমাৰ, দূৰৈৰ পৰাই চাই সুখী হ'ম'
-"তুমিবিহীনতাত কিদৰে সুখী হ'ব পাৰো মই ৰ'দ ?"

মৌনতাত সন্নিবিষ্ট হৈছিল সেই নিশা ৷ সেই অন্তিম কথোপকথনৰ নিশা... । আজি চাৰি বছৰ আগৰ কথা সেইবোৰ তথাপিও সৌ সিদিনা ঘটি গৈছে যেন অনুভৱ.. !
বুজি পাই তাই কিদৰে সিও প্ৰতিটো পলেই তাইৰ তাড়নাত ভুগিছে ৷ বুজি পাই সিহঁতক দূৰ কৰা সেই পৰিস্থিতিয়ে বোৰৰ সৈ'তে সি কিদৰে আজিও যুঁজি আছে ৷

'তুমি কিয় এইদৰে মোৰ সমীপত থাকা ছায়া'

- "ৰ'দ থাকে মানেই ছায়াৰ অস্তিত্ব থাকিব সেয়া জানো তুমি নাজানা ?"
'তুমি জানা মই বৰ অকলশৰীয়া হৈ পৰিলো অ'
- "তোমাৰ অনুপস্থিতিত মোৰো চৌপাশ শূন্য"


কিমান দিন আগৰ কথা আছিল বাৰু এইবোৰ ? এপলকৰ বাবে ছায়াই দুচকু মুদি দিলে..... আহঃ আকৌ সেই একেখন ছবি !
সেই কোমল হাঁহি, সেই শিশু যেন লগা নিষ্পাপ এখনি মুখ ৷
'তোমাৰ চকু যুৰিয়ে কথা কৈ ছায়া আৰু এই চকু যুৰিৰ গভীৰতাত ডুবি হাজাৰটা উজাগৰীয়া নিশা কটাব পাৰো মই তুমি জানা"

- "জানো ৰ'দ..... বুজি পাওঁ তোমাৰ একোটি শব্দক... সেইবাবেই হয়তো তোমাৰ প্ৰতিটো কথাকেই বুকুত লুকুৱাই ৰাখিব খোজো ।
'ব'লা দূৰ ক'ৰবালৈ পলাই যাওঁ একেলগ হৈ যাব নোৱাৰো জানো আমি ?
_ তুমিয়েই জানো কোৱা নাছিলা ৰ'দ.... দুটা ষ্টেচনৰ দুখন ৰেল আমি, যি সদায় একলগেই গৈ থাকিব,সমান্তৰাল ভাবে, অথচ কাহানিও লগ নহয়......"


ডায়েৰিখন জপাই থলে তাই কিবা লিখিম বুলিও থমকি ৰ'ল তাই, কিমান আৰু সেই একেবোৰ কথাকেই........... !
সি যোৱাৰ দিনাই তাই কলমটো তুলি লৈছিল আৰু সেই তেতিয়াৰ পৰাই কলমৰ সৈ'তে এই অবিৰত যাত্ৰা যেন তাইৰ ৷ ভাগি নপৰে তাই মাত্ৰ তাক সুঁৱৰি এপলকৰ বাবে দুচকু সেমেকে ৷ তাৰ পাছতেই যেন দুগুণ উৎসাহ পাই তাই, তুলি লৈ কলম...মাত্ৰ লিখি যায় ৷ প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজত চেপা খাই ৰোৱা সময়বোৰৰ গাঁথা...
উজাগৰীয়া নিশাবোৰত ৰ'দ আহে তাইৰ কাষলৈ; সেই কোমল হাতখনৰ মাজত সুমুৱাই লয় তাইৰ দুহাত...
বিষাদবোৰে শব্দৰ ৰূপ পাই তাইৰ কলমত আৰু তাই বিলীন হৈ যায় ছায়া আৰু ৰ'দক যুগমীয়া কৰাৰ আপ্ৰাণ প্ৰচেষ্টাত...!