সন্ধিয়াটো আগত লৈ
এজাক আবতৰীয়া বৰষুণ
হঠাতে জুৰুলি- জুপুৰি
আকাশলৈ থৰ লাগি চাই থকা পাহাৰটো
অভিজাত্যৰ বতাহত
উমলি ফুৰা চহৰখন নিমাওমাও
সপোন দেখি দেখি
ভাগৰি পৰা মানুহজনৰ
ৰ'দে পোৰা দেহৰ ওপৰেদি
বাগৰি গ'ল পানীৰ টোপাল
নোকোৱাকৈ থকা এবুকু কথা
লৈ ফুৰিছিল তেওঁ
হয়টো অভিমানত বুকুৰ নদী
কাহানিও শাঁত নপৰিছিল
ক্ৰমাৎ অমানিশা নামিছিল ৷








