বিষন্ন সময় আৰু এখন অন্তহীন প্ৰাচীৰ
চিৎকাৰ, আৰ্তনাদ, ৰুদ্ধ বতাহ
ক'লা ডাৱৰে আৱৰিলেও
আকাশৰ বিশালতাক
অস্বীকাৰ নকৰে কোনেও
যিদৰে নকৰে উৰি ফুৰা
তুলাৰ দৰে সপোনবোৰ,
চতিয়না জোপাত ওলমি থকা
নিশাচৰ বাদুলীৰ দৰে,
অহৰ্নিশে গণে ক্ষণ
মকৰা জালত বন্দী
পতংগবোৰৰ বাবে ।
এটা দিনৰ শেষত
আৰু
এটা নতুন দিনৰ অপেক্ষা
জানোছা অন্ত হয় হুমুনিয়াহ ।
মৃত্যুৰ সত্যতা !
অস্বীকাৰ নকৰে কোনেও
উশৃংখল জীৱনৰ মাদকতা
মাতাল হয়
বুকুৰ বেথা আৰু কিমান লুকুৱাম
ফুলি উঠে কৃষ্ণচূড়াৰ ৰঙা পাহি
প্ৰেমৰ এটা বিশেষ দিনৰ বাবে
জীৱনৰ জ্যামিতিক বাখ্যা জটিল
বৰ্ণিল হ'ব খোজে
তেজে ধোৱা প্ৰাণ ।
ঠিকনাঃ চিমেনচাপৰি মহাবিদ্যালয়, সহকাৰী প্ৰাধ্যাপক, দৰ্শন শাস্ত্ৰ বিভাগ,
জিলাঃ ধেমাজী
পিনঃ ৭৮৭০৬১
দূৰভাষঃ ৮০১১৫০৫৭০৫








