তুমি নুবুজিবা
হিয়াৰ কৰুণ বিননি
জানিও অপাৰগ
নকৰা ৰহস্যক ভেদ
নিজৰ মাজত সত্যভ্ৰামা তুমি
কৃষ্ণক নিজৰ কৰি ৰখাৰ
প্ৰয়াসেৰে জিলিকা
নাজানা তুমি যদুমণিৰ
চৰিত্রৰ পৰিচয়
নিজে বিলীন হৈ
ৰক্ষণ কৰাৰ প্ৰবাহক
জোনাকীয়ে নজানে
পোহৰৰ উৎস কি ?
কিয় জিলিকে নিজ পৃষ্ঠ.....
মৃগনাভিৰ অংশ তুমি
সৌগন্ধৰ ৰহঘৰা
সমীৰ বিদিত
পুৰামাটিৰ অবহেলিত ৰেঙনিত
লংকাৰ উজ্বল গৰিমা
নালাগে উপমা
মুখৰিত সপ্ত পাতালে ৷








