মৃত্যু (জানমনি নাথ)


সময়বোৰ পাৰ হৈ
জীৱনৰ হিচাপ নিকাচবোৰ বাজে
ঘড়ীৰ টিক টিক শব্দবোৰৰ মাজৰে,

মাহৰ পাছত মাহ
বছৰৰ পাছত বছৰ,
লাহে লাহে
শেষ হৈ যায় এটি অধ্যায়

শেষ হৈ যায় স্বপ্ন, আশা, হেঁপাহ
স্তব্ধ হৈ যায়
জীৱনৰ প্ৰতি থকা প্ৰেম
বৈ পৰে কাতৰ চিঞৰ
বিৰহ কান্দোন,

যিবোৰ ভবা নহয় কাহানিও
শেষত তাকেই হয়গৈ

কোলাহলবোৰ
ক্ৰমশঃ নাইকিয়া হৈ পৰে
শূন্য হৈ পৰে উশাহ !!


ঠিকনাঃ কাজিৰঙা ৷