অতীতৰ চোতালখন (বিষ্ণু বড়া)


পাহৰো বুলি পাহৰিব পাৰিম নে
ল'ৰালিৰ চোতালখনি
ধূলিৰে সজাই লোৱা ঘৰ
কইনা দৰা উমলি পাৰ কৰা দিনবোৰ

পাহৰিব পাৰিম নে
মোৰ শৈশৱৰ চোতালত
গাই যোৱা ব'হাগ মহীয়া হুঁচৰি-


"মোৰ ধন কলীয়া,
আলাসৰ দেৱতা
নিলক্ষত আছিলে ৰৈ
কলিমতীক লগ পাই
ৰঙালীক লগত লৈ
কলীয়াবৰতে ৰহিলা ঐ"


আজিও দেখোন মই গাই পাওঁ
অজানিতে মনে মনে
পাহৰিলেই জানো হ'ব
অতীতৰ সেই চোতালখনিয়ে
আজিও চকুলো বোৱাই

পিতাইৰ তেজেৰে ৰাঙলী দেহাটি চাই
ইনাই বিনাই আউলী- বাউলী হোৱা
আইৰ শুকান মুখখনি
জিলিকাই তুলে দেখোন
নিষ্ঠুৰ অতীতে নিজানৰ সুযোগ পাই

আজিও দেখোন
চোতালৰ আগতে আছে ৰৈ
প্ৰতিবাদী পিতাই শ্বহীদৰ বেদী
নোৱাৰি অ' পাহৰিম বুলি পাহৰিব
চিনাকি অতীতৰ চোতাল ৷


ঠিকনাঃ নেমুপথাৰ গোহাঁই গাওঁ