সুখ (হৃদয় মৃণাল ৰয়)


কোননো জোনাকৰ
উজ্জ্বলতা ভৰা পোহৰেৰে
তোমাৰ মুখখনি ধোৱা ?
কৰেনো কৃষ্ণচূড়াৰ ফুলে ভৰা হাঁহিৰে
তোমাৰ হৃদয়খনি সজোৱা ?
অচিনা ৰজনীগন্ধাৰ সুবাসত
মোৰ আকাশত
তুমি ৰামধেনু হৈ জিলিকিলা ।

আলফুলীয়া ৰ'দৰ কণিকাৰে গঢ়া
মোৰ হিয়াৰ চোতালত
তুমি বিষাদৰ ৰাতি সপোন ভৰা হাঁহি;
তোমাৰ উজ্জ্বলতা ভৰা মুখখনিয়ে
মোৰ বেদনাৰ লঠঙা ডালত
কোমল কুঁহি গজায় ৷

তোমাৰ দুচকু সেউজবুলীয়া সজীৱতাৰ অনুভৱী মায়া
তোমাৰ হিয়াত ঢৌ-খেলা ডাৱৰৰ
এটি নতুন পুৱা.....
তুমি বিষাদৰ ৰাতি
সপোন ভৰা হাঁহি ৷


দূৰভাষঃ ৯৭০৬৬৯৪৮৯২