আচলতে ৰঙ বুলিবলৈ একো নাই
মনটোতে লুকাই থাকে সমূহ ৰং
শান্তিৰ প্ৰতীক
শুভ্ৰ বগা ৰঙে
বাৰুকৈয়ে কন্দুৱায় বিদায় বেলাত
কপালৰ টিকটিকীয়া
ৰঙাতো থাকে বিচ্ছেদৰ বেদনা
নীলা বোৰ কেতিয়াবা আকৃতি লয় ধুমুহাৰ
ভাঙি চিৰি নিঃশেষ কৰে কলিজাৰ এফাল
হালধীয়াই বাঁহ সাজে দুচকুত
সেউজীয়া বোৰ হেৰাই যায় হৃদয়ৰ কোণত
ক'লা ৰঙেই সুন্দৰ ঘোৰ টোপনিত
একো নহ'লেও দেখুৱায়
আশাৰ সপোন ৷
ভ্ৰাম্যভাষঃ ৯৯৫৭৮৬০৮৮০ ৷








