মূৰ্ছনা (অনুলেখা বৰদলৈ)


সন্ধ্যা প্ৰহৰ
বহুদিনেই হ'ল কবিতাক লগ নোপোৱা
সন্ধ্যা নমাৰ আসোঁৱাহতে
কবিতালে বাট চালো
সন্ধ্যাটোত ডুব যাম কবিতাৰ স'তে
আৰু ক্ৰমে এন্ধাৰৰ সুযোগত
কবিতাৰ স'তে
সহবাসৰ নেওতা আওৰাম
আজি বুকুৰ কপৌহালত কবিতাক ওমলাম
পানী কুকলিত কাণ পাতি শুনিম
শব্দৰ আখলৰ ধপধপ
অচিনা ৰাগী এটিৰে
কবিতা বিভোৰ হ'ব !
শব্দৰ এৰাল চিঙা জাঁপ কেইটা
দশোদিশ ল'ৰিব
মূৰ্ছনা তুলি লিহিৰি ককালটি কঁপিব
দুচকুক ভিজা সপোনে নিচুকাব
যাদুকৰী শব্দই হিয়া শাঁত পেলাব
অ' মোৰ বুকুৰ আমঠু
শব্দ- ব্ৰহ্ম' কবিতালৈ আহা
প্ৰাণ খুলি বাৰ্তালাপ কৰা !