বসন্তৰ বৰষুণজাকৰ সৈ'তে
পৰিচয় হোৱা বহুদিনেই হ'ল
বহুবাৰ আহিছে বসন্তৰ বৰষুণজাকৰ সৈ'তে
বাৰিষাৰ প্ৰথমজাক বৰষুণ
মোৰ হৃদয়লৈ...।
বৰষুণজাকেই চটিয়াই থৈ যায়,
চিনাকি মাটিৰ সুবাস আৰু
ডায়েৰীৰ পৃষ্ঠাত ওলমি ৰোৱা প্রাপ্তি অপ্ৰাপ্তিৰ
বহুদিনৰ হিচাপ নিকাচ ৷
এই বৰষুণজাকেই হ'ব পাৰে
কাৰোবাৰ প্ৰথম প্ৰেমৰ মাধুৰতম উপহাৰ,
নতুবা বিচ্ছেদ, বিষাদৰ দীঘল ছাঁ,
নতুবা হ'ব পাৰে এই বৰষুণ জাকেই কাৰোবাৰ জীৱনৰ বাবে কৰা এক জীৱন জোৰা
প্ৰতিশ্ৰুতি....
এই বৰষুণজাকেই দিব পাৰে
নতুন দিনৰ নতুন সৃষ্টি,
সপোন ৰচিব পাৰে
নাঙলৰ সীৰলুত ভবিষ্যতৰ
সুখাভিলাষ বিচাৰি........।
ঠিকনাঃ বকতা








