হুৰমূৰকৈ কলিজাৰ ভিতৰলৈ
সোমাই আহিল
এজাক অনামী বৰষুণ,
তিয়াই গ'ল মোৰ
আধাপোৰা কলিজা ৷
আপোন শব্দবোৰ ধোঁৱা হৈ উৰি গ'ল,
আন্ধাৰত চটফটাইছো আজি মই ৷
শব্দৰ কৰ্কশ আক্রমনৰ আঁৰে আঁৰে
মই ঢলি পৰিছো বিষাদ হৈ.. !
বৰষুণজাকে বাৰুকৈয়ে খুন্দিছিল,
আজি
উভতি বৈছিল বতাহজাক... !
বতাহজাকতে উটি গৈছিল
মোৰ কলিজা পোৰাৰ গোন্ধ ৷
মন দিলে হয়তো শুনিবা তুমিও,
ধূলিৰ শব্দত মই কেনেকৈ চটফটাইছো... !
এতিয়া নিৰ্জনতাৰ আঁৰে আঁৰে
সেমেকা সেমেকা গোন্ধটো
তোমাৰ হৃদয়তো বাজিব... !
মাথোঁ বুটলি হৃদয়ত সোমোৱাই ল'বলৈ
সাহস নহ'ব.. !
সাৰ পাই নুঠিব আজি তোমাৰ
অভিমানী সপোনটো... !
ঠিকনাঃ ঘিলামৰা, লখিমপুৰ
দূৰভাষঃ ৭০৩৫৭১৭৭২৯








