আন্ধাৰক শুধিলো
পোহৰ ক'ত ?
পোহৰ, শূন্যৰ পিছত...!
শূণ্যক শুধিলো ...
শূণ্যৰ পৰা শূণ্যলৈ দূৰত্ব কিমান...?
শূণ্যৰ শেষত - আন্ধাৰৰ মাজত ....!!
চাৰিওফালে বিষাদ....,,
আৱেগৰ দলিচাত....
মেঘৰঞ্জনীৰ আৱাহনে....
নিমিষতে মোহাৰি নিলে সুখ সমগ্ৰ....,
আন্ধাৰৰ চৰাইজাক জাগি উঠিল..!!
আক্ৰমণ কৰিলে মোৰ সমস্ত...
নগ্নতা শৰীৰত জপিয়াই পৰিল সিহঁত ...
মোৰ হেৰাই গ'ল যৌৱন পৃষ্ঠ !
থাকি গ'ল শূণ্যৰ পাছত শূণ্য !
কেৱল শূণ্য ...!
শূণ্য আৱৰণেৰে সজা মোৰ ,,,
যৌৱন - জীৱনাকাশত ,,,
মই আজি ব্যস্ত একৰ সন্ধানত ,,,!
মোক, মোক এটা এক দিয়া
মই তোমাক বহুত শূণ্য দিম ।
মোৰ বাওঁফালে থাকিবা তুমি
আৰু মই,
তোমাৰ সোঁফালে থাকিম,
আমি দেখুৱাই দিম
জীৱনৰ মূল্য কিমান !!
মোক মাত্ৰ এটা এক দিয়া ...।
দূৰভাষঃ ৯৪৩৫৪৪৮৮০৪








