ভোক (মঞ্জিত হাজৰিকা)


ভোকৰ বা’মাৰলীত
বনৰীয়া চিলাৰ দৰে
উটি ভাহি দিশ হেৰুৱাওঁ
পেটত ভোক
বুকুত ভোক
মগজুত ভোক
যুদ্ধ নকৰাকৈয়ে পৰাজয় হওঁ
ভোকে কৰে ৰাজত্ব

বৰষুণ নোহোৱাকৈয়ে দেহা তিতে
অসুখ নোহোৱা
কৈয়ে অসুখীয়া দেহ- মন
ধূলিয়ৰি বাটত জীৱনে হেৰুৱাই
দিশ- বিদিশ

ভোক কিমান ওখ
পাহাৰত কৈ
আকাশত কৈ
বিবেকত কৈ ওখ নেকি ভোক ?

ভোকৰ কবলত মানৱতা হেৰাই
পিশাচৰ পৈশাচিকতাত
পৃথিৱীয়ে কৰে আৰ্তনাদ
এটি বাতৰি পালো
এজন নিঃকিনে আত্মহত্যা কৰিছে
হিমালয় সদৃশ দুখৰ বোজাত
কোঙা হোৱা পৰিয়ালটিক দিব নোৱাৰি
ভোকৰ ভাত (ক্ষুধা নৰক যন্ত্ৰণা)

ভাইৰাচৰ দৰেই শিপাইছে ভোক
আকাশে বতাহে
ক্ৰমশঃসেউজীয়া পৃথিৱীখন হালধীয়া হ’ব ধৰিছে ৷


ঠিকনাঃ যোৰহাট
দূৰভাষঃ ৯৮৫৪২৯৭০১০