অপেক্ষা (শিৰোমণি বৰুৱা)


মই আজিও ৰৈ আছো
মাথোঁ তোমাৰ বাবেই ।
পতিটো পল- অনুপল
তোমাৰ বাবে অপেক্ষা
কৰিছো মাথোঁ ।
এদিন আহিছিলা মোৰ
জীৱনলৈ......
আৰু আগবঢ়াইছিলা
মৰম, বিশ্বাস, আৱেগ,
বিহবল দুখনি হাত ।
মৰমেৰে আঁকেৱালি ল'লো
বিশ্বাসৰ হাত দুখনি তোমাৰ ।
কিন্তু তুমি
মোৰ সচাঁ ভালপোৱা
ভগ্নাৱ শেষত পৰিণত কৰিলা ।
তথাপিও আজিও ৰৈ আছো
সেই মৰম নামৰ ষ্টেচনটোত !
আজিও অপেক্ষাৰ মাথোঁ তোমাৰ বাবে
সেই দুখন প্ৰণয়ৰ হাতৰ…
কিয় বাৰু গুচি গ'লা তুমি ?
আহিবা জানো আকৌ ?
মোৰ হৃদয় জীপাল
কৰি তুলিবলৈ ?
ৰঙালী সুৰুয
ৰূপালী সেওঁতা
আভা সানিবলৈ ?
তথাপিও অপেক্ষা মাথোঁ
তোমাৰ বাবে ৷


ঠিকনাঃ ঢকুৱাখানা, জালভাৰী
দূৰভাষঃ ৮১৩৩০৫৯২৭৯
পিনঃ ৭৮৭০৫৫