তেওঁ তিৰস্কাৰ কৰে দীঘল ঠোঁটৰ চৰাইজনীক


মূল কবিঃ উইলিয়াম বাটলাৰ ইয়েটছ্
অনুবাদঃ ছা- হা- বা হাৰ্টি


অ' দীঘল ঠোঁটৰ চৰাইজনী,
বতাহত আৰু চিঞৰি নেথাকিবা
অথবা কেৱল পশ্চিমৰ পানীখিনি লৈ,
কাৰণ তোমাৰ চিঞৰে মোৰ মনলৈ আনে
আৱেগত ম্ৰিয়মাণ হোৱা দুচকু আৰু ঘন দীঘলীয়া চুলি
যিয়ে মোৰ বুকু আৰু যন্ত্ৰণাৰে পূৰ্ণ কৰি দিয়ে

বতাহৰ আপদীয়া চিঞৰবোৰেই তাত যথেষ্ট ৷