সঁচাই কৈছোঁ, কেতিয়াবা চৰাই হ'ব মন যায় ৷ এই যেন মন গ'লেই উৰি যাম দূৰ দিগন্তলৈ
৷ আকাশ ভালপাওঁ আৰু ভালপাওঁ নদী আৰু অৰণ্য ৷ আকাশৰ দৰে বিশাল এটা মন, অৰণ্য দৰে
সেউজীয়া প্ৰেম আৰু নদীৰ দৰেই জীৱন ৷ অৰণ্যৰ মাজেৰে বৈ যোৱা নদীত যিদৰে আকাশেও হাঁহি
মাৰে, তেনেকৈয়ে যেন গুচি যাম সুদূৰ প্ৰান্তলৈ, চকুৰে মনিব নোৱাৰা কৰ'বালৈ !
১৭
অক্টোবৰ, ২০১৬ ইং তাৰিখে ওলাইছিলো ঐতিহাসিক "গোভা ৰাজ্য" বিচাৰি ৷ বৰ্তমানৰ মৰিগাওঁ
জিলাৰ নেলীৰ পৰা কিছু নিলগত "আমলিঘাট" বজাৰৰ কাষেদি "সীতা জখলা" লৈ যোৱা বাটেৰে
ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰায় ১০ কি.মি. দূৰত, উত্তৰ দিশত গোভা ৰাজ্য অৱস্থিত, এটা
অঞ্চল ৷ অঞ্চলটো প্ৰাকৃতিৰ সৌন্দৰ্য্যৰে ভৰপুৰ ৷ কেউফালে সেউজীয়া পাহাৰে আবৃ্ত্ত
৷
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামিয়ে কিছু দূৰ গ'লে পায়, "সীতাজখলা" পাহাৰ ৷ প্ৰকাণ্ড
এচটা শিল ৷ শিলতোক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে "সীতা মন্দিৰ" আৰু একেবাৰে ওপৰত "শিৱ
থান" এখন ৷ কাষেৰে পাৰ হৈ গৈছে "কিলিং" নৈ ৷ কিলিংৰ পাৰে পাৰে কিছু দূৰ গ'লে আৰম্ভ
হয় গোভা ৰাজ্যলৈ যোৱাৰ বাট ৷ সুবিশাল দুখন পথাৰৰ মাজেদি এই পথ ৷ ৰাষ্ট্ৰীয় গ্ৰাম
চড়ক যোজনাৰ অধিনত পথটো পকী হৈছিল যদিও মেৰামতিৰ অভাৱত পূৰ্বতকৈ বহু বেয়া হৈছে ৷
অৱশ্যে সেউজীয়া পথাৰৰ দুইকাষে পাহাৰ আৰু ঠাইয়ে ঠাইয়ে বিলবোৰ ইমানেই ধুনীয়া যে পথৰ
দুৰৱস্থাক আওকান কৰি আগবাঢ়িছো মই ৷ তাহানিৰ গোভা ৰাজ্যত এতিয়াও আছে "ৰজা ঘৰীয়া" ঘৰ
৷ প্ৰাধনত তিৱা জনগোষ্ঠীয় অঞ্চলটোৰ পৰা প্ৰতি বছৰে জানুৱাৰী মাহত (মাঘ মাহত)
মৰিগাৱঁৰ জাগিৰোডৰ সমিপত হোৱা "জোনবিল" মেলালৈ নামি আহে গোভা ৰজা ৷ পূৰ্বৰ প্ৰথা
মতে তেওঁলোকৰ তাত উৎপাদন হোৱা কিছু সা- সামগ্ৰী ভৈয়ামৰ মানুহৰ লগত আদান প্ৰদান কৰে
আৰু তাৰ পাছত গৈ তেওঁলোকে পাহাৰত বিহু পাতে ৷ যিহেতু অঞ্চলটোৰ মানুহ কৃষি প্ৰধান,
গতিকে কৃষি লগত জড়িত কৰ্ম যেনে- হাঁহ, কুকুৰা, গাহৰি, গৰু, মাছ আদি পালন কৰে ৷
প্ৰায় প্ৰতি ঘৰ মানুহৰে "দঙাই" (স্থানীয় মদ) বনোৱা সজুলি আছে ৷
অৱশ্যে এতিয়াও
ব্যৱসায়ীক দিশৰ পৰা বহুখিনি পিছ পৰি আছে গোভা ৰাজ্য ৷ শিক্ষাৰ দিশত মাত্ৰ এখন
প্ৰাথমিক বিদ্যালয়হে মোৰ চকুত পৰিছিল ৷ এনেকৈয়ে গোভা ৰাজ্য আৰু কিলিংৰ পাৰে পাৰে
এটা দিন উদযাপন কৰি গধূলি উভতিছিলো ঘৰলৈ.. লগত আনিছিলো কিছু ছবি আৰু আজীৱন পাহৰিব
নোৱাৰা এমুঠিমান স্মৃতি ৷ সময় পালে আপুনিও এপাক আহি চাই যাবহি কিদৰে কিলিংৰ পাৰত
আজিও জীৱন্ত হৈ আছে ঐতিহাসিক গোভা ৰাজ্য ৷
(সবিশেষ জানিবলৈ ৰীতা চৌধুৰী বাইদেউৰ "দেও লাংখুই" উপন্যাসখনৰ সহায় ল'ব পাৰে ৷)
ঠিকনাঃ মৰিগাওঁ ৷











