ব’হাগ (শ্ৰীভক্তজ্যোতি গগৈ)


নতুন বছৰৰ নতুন আভা নতুন আশা - প্ৰত্যাশা ৷ অনুৰাগ কিম্বা প্ৰেম- ভালপোৱা, ঢুলীয়া নাচনীৰ হিয়া দিয়া নিয়া; তই চান কেং৷ কুলিয়ে বিনাই, কপৌ, তগৰ, নাহৰ, চম্পা কেতেকী ফুলে, সুবাস বিলাই ৷ বসন্তৰ আগমনত প্ৰকৃতিয়ে ন সাজ পিন্ধে ৷ ঢোল, পেঁপা, তাল, গগণাৰ মাতত শদিয়াৰ পৰা ধুবুৰীলৈ উচাহৰ ঢল বয় ৷



গৰুৰ গা ধুৱাই, মাহ হালধি সানি সকলোৱে গা ধুৱে ৷ নামঘৰত একত্ৰিত হৈ ৰাইজে সেৱা লয় ৷ ম’হ যুঁজ, কণী যুঁজ, কড়িখেল, এশ এবিধ শাকৰ আঞ্জাৰ সমাহাৰ ৷

হুঁচৰী, বিহুগীত গাই নাচি বাগি আনন্দৰ মেলা পাতে সকলোৱে ৷ ৰাতি বিহুত যৌৱন জিলিকে ৷ খেতিৰ মাটি উৰ্বৰ হয় ৷ বৈশাগু, বৈচাগু, বিচু, বুচু, ৰঙালী অথবা ব’হাগ ৷