এতিয়াও আমাৰ সমাজত এচামৰ বাবে ছোৱালী চকুৰ কুটা
দাঁতৰ শূল । এটি যেন বুজা । ছোৱালী সন্তান জন্ম দিয়াৰ বাবেই ক'ত যে বোৱাৰী আজিও
যাতনাৰ বলি হৈ আহিছে । আজিও গোপনেই চলি আহিছে কন্যা ভ্ৰূণ হত্যা ।
ইয়াৰ বিপৰীতে
এতিয়াও বহুজন আছে কন্যা সন্তানক হিয়াৰ মৰমেৰে আঁকোৱালি জীৱনত আগুৱাই যাবলৈ উৎসাহ
যোগোৱা অভিভাৱক । তেনে এটি সত্যৰ স'তে মুখামুখি হ'লো সিদিনা ।
কিছু দিন আগৰ কথা
দুই এবিধ প্ৰয়োজনীয় সামগ্ৰী অনাৰ উজুহাতত বজাৰলৈ বুলি ওলাই গ'লো উভতি অহাৰ পৰত
ৰিক্সাতেই যাওঁ বুলি ইফালে সিফালে চাই দেখো লাষ্ট এখনেই ৰিক্সা । সময়ো হৈছিল অলপ ।
তেওঁ যাম নাযাম কৈ মোৰ হাতত বোজা দেখি যাব ওলাল । তাতেই কথাৰ আৰম্ভণি । তেওঁ ক'লে-
আজি গাটো অলপ বেয়া বাইদেউ । মই বোলো অ' হয় নেকি ? তেওঁ আকৌ কৈ গ'ল ছোৱালীজনীৰ
বাবেহে এনেকৈ বোলে ৰিক্সা চলাই আছে তেওঁ । তাই পঢ়াত ভাল ।বি.এ ফাইনেল ইয়েৰ । বহুত
মৰমৰ তাই আমাৰ । আগতে অলপ নিচা কৰিছিলো তাই শপত দিলে বাদ দিলো সেইখিনি টকাৰে তাইলৈ
বুলি কিবা লৈ যাওঁ । তাই সদায় নিব মানা কৰে কিন্তু মই মৰমতে লৈ যাওঁ । সৰু মানুহ
আমি টকা পইচাও নাই সেয়ে যি পাওঁ লৈ যাওঁ । মাকে দুঘৰ মান মানুহৰ ঘৰত কাম কৰে । দুয়ো
মিলি কষ্ট কৰি তাইৰ ডাঙৰ মানুহ কৰিম আৰু যে কিমান কি ক'লে জীয়েকৰ কথা । কথাৰ পৰা
অনুভৱ হ'ল ছোৱালীজনী তেওঁলোকৰ বাবে আলাসৰ লাৰু ।
অভিভূত হ'লো তেওঁৰ কথা শুনি ।
কেতিয়া যে আহি ঘৰ পালো গমেই নাপালো ।
অজান আনন্দত মন পুলকিত হ'ল সিদিনা ।মনে মনে
ভাবিলো হওঁক তেওঁ হাজাৰত এজন এতিয়াও আছে যাৰ অন্তৰত
কন্যাৰ স্থান শীৰ্ষত ।
শিক্ষা দীক্ষা হীন এজন জ্ঞানী লোক । সমাজৰ আদৰ্শ ।
হে প্ৰভু এনেকৈয়ে সকলোকে
সুমতি দিয়া সেয়াই কামনা ।
ঠিকনাঃ বঙাইগাঁও ৷








