এক এপ্ৰিল আৰু কিছু অভিজ্ঞতা (পলাশ নাথ)

কিছুদিনৰ আগৰ পৰা ফেচবুক, হোৱাটচ্ আপত এক এপ্ৰিলৰ বিষয়ে সতৰ্কবাণী পাই নিজে এলাৰ্ট হৈ আছো । মানুহৰ অতি ৰঞ্জিত কথাৰ পৰাহাত সাৰি সুকলমে কাৰোৰ পৰা ঠগ নোখোৱাকৈ পাৰ কৰিলো । শনিবাৰ হোৱা বাবে সোনকালেই কৰ্মস্থলীৰ পৰা ঘৰ পালোহি । যিহেতু নমামি উৎসৱৰ বতৰ, প্ৰথমে অকলেই যাম বুলি ভাবিছিলো যদিও বাসন্তীকো লগত ল'লো । বজাৰ কেইটামানো কৰিব পাৰিম । মাণিবেগ খুলি চাই দেখো পঞ্চাশ টকীয়া এটাত গান্ধীজীয়ে হাঁহি আছে । এ টি এম খন আছে যেতিয়া ন' টেনচন ভাবত নগাওঁ পালোগৈ । প্ৰথমে টকা কেইটামান উঠাও বুলি এ টি এম এটাত সোমালো । সেইটোত পইচা নাই । ওচৰতে থকা আনটোলৈ গ'লো, তাতো নাই ।
দ'ণ্ট কেয়াৰ হৈ বাসন্তীক লৈ ই কৰ্ণাৰত থকা এ টি এম পালোগৈ । তাত মানুহৰ লানি দেখি ভাবিলো নিশ্চয় পাম । ইফালে বাসন্তীক পেট পূজাও দিব লাগিব । কিছু সময় শাৰীপাতি থাকি মালটো আছেনে বুলি সুধিলো, ওলাই অহা মানুহবোৰে মুখখন বিকটাবলৈহে ধৰিলে । পিছত গম পালো মালটো বুলে আছে কাৰ্ডবোৰহে নট চাপ'ৰ্টেড । এনেদৰে চহৰৰ প্ৰায় আটাইবোৰ এ টি এম তহিলং কৰিলো । কপাল হ'লে নুফুলিল । বসন্তীলৈ চাই মনটো বেয়াও লাগিব ধৰিলে । কিমান আশাৰে উলিয়াই আনিছিলো । তেনেতে বৃষ্টিদেৱতাৰো দৃষ্টি পৰিল । বাসন্তীৰ লগতে ভালকৈ ভিজিলো । নমামিৰ আনন্দ বৰষুণৰ পানীৰ লগতে মিহলি হৈ গ'ল । মোৰ ক্ষেত্ৰত এপ্ৰিল ভালকৈয়ে ফুলিল । যিটো কাহানিও নাপাহৰো ।