জাৰৰ কেঁকুৱনি (ছান কুমাৰ কলিতা)

শীতৰ সেমেকা ৰাতি, বাৰ বাজিছে, ৰাতি বাঢ়ি অহাৰ লগে লগে হিম শীতল হৈ পৰিছে চৌদিশ, পথচাৰী বিদ্ৰুপ ৷ শুবলৈ লওঁটেই এটা শব্দ শুণা পালোঁ, কাণ ঠিয় কৰি শুনিলো, কাৰোবাৰ কেঁকুৱনি সেয়া ৷ বাস্তৱবোৰ আওহতীয়াকৈ থৈ কল্পনা মগ্ন হৈ পৰিল মনটো, সেয়া হয়টো কোনোবা আত্মা, মাজ ৰাতি বিচৰণ কৰিছে । গাৰুৰ কাষত থোৱা টৰ্চটো লৈ সাহস গোটালো, মনটোৰৰ প্ৰবল ইচ্ছাত ভয়ে ভয়ে আগবাঢ়িলো, টুপ টুপ- ডাঙৰ নিয়ৰৰ টোপালবোৰ সৰিছে, ক্ৰমে সেই শব্দটো আৰু মোৰ দূৰত্ব কমিছে । এটা ক্ষণত চৰম সীমা ৷ টৰ্চৰ পোহৰ গাত পৰাৰ লগে লগেই সেই নিৰ্দিষ্ট বস্তটোৱে চিঞৰি উঠিল- "মোক আৰু নামাৰিবি, মোক আৰু নামাৰিবি, মই গুছি যাম", আৰু মাটিত ঢ়লি পৰিল ৷ দেখিলো সেয়া এগৰাকী বৃদ্ধা, শৰীৰত এখন মাথোঁ বসন, শেতুৰি যোৱা চালবোৰৰ শিহৰি উঠিছে প্ৰচণ্ড ঠাণ্ডাৰ প্ৰকোপত ৷ তেওঁক ঘৰলৈ লৈ আহিলো, গোটেই হাত- ভৰি সেকি দিলোঁ ৷ ডাক্টৰ শৰ্মাই আহি দৰৱ দুটা মান খুৱাব ক'লে, "থিক হৈ যাব"।

তেনেদৰে ৰাতিটো পাৰ হ'ল ৷ তেওঁ চকু মেলিলে, শুধাত তেওঁ ক'লে, তেওঁক হেনো তেওঁৰ বৰ পুত্ৰই ৰাস্তাত পেলাই থৈ গৈছে, পেচাত হেনো ল'ৰা আই.চি.এছ.বিষয়া, বোৱাৰী আগশাৰীৰ কলেজ এখনৰ প্ৰবক্তা আৰু জীয়েকজনী এজনী প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ ৷


দূৰভাষঃ ৭৩৯৯৪২৫১৮১ ৷