তোমালোকৰ জিভাৰ কথকতা......
জমিছেনে আড্ডা
আড্ডা জমিছেনে
চমৎকাৰী জিভাৰ চাতুৰ্যতাত
তোমালোক ঔপন্যাসিক কিম্বা নাট্যকাৰ
ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, দুৰ্নীতিৰ
কি যে 'ককটেল' ব্যাখ্যা -পেগ' বঢ়াৰ লগে লগে
কাৰ্বাইট দিয়া কলৰ দৰে মুখবোৰ
উজ্বলি উঠে .....
ব্যাখাৰো কিমান যে কুচ কাৱাজ.......
শিপাৰ পৰা গুচ্ছমূললৈ ....
হয় তোমালোককেই সুধিছো
হে সুৰাপ্ৰেমিক সকল
জমিছেনে আড্ডা
মাতাল সন্ধিয়াবোৰত
তোমালোক একো একোখন বিশ্বকোষ ৷
তুমি
বটলৰ সাঁফৰ খুলিছা
তোমাৰ গাভৰু জী
গধূলি জপনা খুলি বাটলৈ গৈছে
তুমি গিলাচত পানীয় ঢালিছা
তোমাৰ মানুহজনীয়ে কেঁচা খৰি ফুঁৱাইছে ৷
তোমাৰ মুদ্ৰানীতি বিশ্লেষণৰ মাতটো
ক্ৰমান্বয়ে ডাঙৰ হৈ
পানীয়ৰ গিলাচটোত সৰি পৰিছে
তোমাৰ গাভৰু জী
ফোঁপাই জোঁপাই ঘৰ সোমাইছে
মানুহজনীৰ চকু ধোঁৱাই চানি ধৰিছে
তাইও জানে
মাতাল হোৱাৰ পাছত
তোমাক কথাকৈ লাভ নাই
মাতাল হোৱাৰ আগত
তোমাৰ কাণত কথা নোসোমায়
তোমালোককেই সুধিছোঁ
আড্ডা জমিছেনে
জমিছেনে আড্ডা ৷








