আলহী (ৰশ্মিৰেখা ভূঞা)


দীঘল ঠেঙীয়া জাকৰ বোকোচাত উঠি
অতীত আহিছিল
বাৰী ঢাপৰ বাঁহজোপাৰ মাজেৰে
জুমি চাইছিল পিছচোতাল
পানী পতাত পৰি থকা
হাতল ভগা চকীখনত বহি
অতীতে মেলি দিছিল দুভৰি
হাতখনকে গাৰু কৰি
জিৰণি লোৱা অতীতে
সময়ৰ বুকুত
নিজক বিচাৰি চালে
নাৰিকল জোপাৰ চিৰিলা- চিৰিল পাতত
কাণখোৱাক বিচাৰি
অতীত থমকি ৰ'ল
তামোল বাৰীত ঢকুৱাৰ গাড়ী বিচাৰি
অতীত ঘূৰ্মুটিয়াই ফুৰিল
নাৰিকলৰ কোৰোকা, ফটাকানিৰ দৰা- কইনা, চেংগুটি, কাগজৰ নাও…
কি যে বিচৰা নাছিল অতীতে
আলহী অতীতৰ দুচকু উজলাই তুলিবলৈ
সময়ে যে লগত একোৱেই নাৰাখিলে ৷