বিশ্বাস (পাপৰি মেধী)



তামুলপুৰ (বাক্সা) চাহ কাপ হাতত লৈ পৰীয়ে চকীখনত বহি ল'লে..। দুদিনমানৰ পৰা তাইৰ গা মন ভাল নহয় ! আজিও তাইৰ মনটো একেবাৰে ভাল নলগা হৈছে ৷ এই পিনে অফিচলৈ তাই যাবও লগা হৈছে । আজি নাযাওঁ বুলি ভাবি ও বচৰ ফোনটো অহাৰ লগে লগে যাব লগা হ'ল ৷ হয়টো নগ'লে বেছিকৈ হে মনটো বেয়া লাগিল আৰু সোনকালে আহিম বুলি ভাবি ও আহিব নোৱাৰিলে তাই তাই । আন দিনাখনতকৈ বেছিকৈ হে কাম কৰিলে ৷ অফিচত কৰ্মৰত অৱস্থাত কিছুমান ফাইল নিৰীক্ষণ কৰি থাকেতে হঠাতে তাইৰ ম'বাইলৰ ডিচপ্লেইত জুবিন গাৰ্গৰ একক কণ্ঠৰ পাখি মেলি দিয়ে মোৰ গানে আজি গানটো এটি অচিনাকি নাম্বাৰৰে বাজি উঠিল ৷ ম'বাইলটোলৈ চাই তাই ফোনটো তুলি ল'লে-
- হেল্লো..... কোন বুলি সোধাত সিফালৰ পৰা বচৰ কণ্ঠ ভাহি আহিল ৷
- পৰী, কাম শেষ হ'ল নে তোমাৰ ? এতিয়া অলপ চাইডত যাব লাগিব তুমি !
- কোন ঠাইত ?
- ৰাজগড়ত ৷


কাম শেষ কৰি পৰী ৰাজগড়ত তুমি অকলে যাব লাগিব, আজি মিনাক্ষী চুটিত আছে সেইবাবে তাই অকলে যাব লগা হ'ল ৷ বচৰ নিৰ্দেশ মানিবই লাগিব ৷ পৰী গুচি গ'ল বচে বাচনি কৰি দিয়া গন্তব্যস্থললৈ তাৰ পৰা আহোতে প্ৰায় গধূলি হৈছিল । দিনটোৰ ব্যস্ততাৰ অন্তত বহুত ভাগৰুৱা হৈছিল তাই ৷ আহি গা ধুই একাপ চাহ বনাই বাৰাণ্ডাত বহিল .. ! চাহত সোহা দি তাই কিছু চিন্তা কৰিব ধৰিলে ৷ হঠাৎ তাইৰ অংশুমানলৈ মনত পৰিল ৷ অংশুমান…৷ মুহূৰ্ততে মন মগজুৰ চিন্তাটোৱে থমকি ৰ'ল ৷ কিছু সময় মৌনতাৰ পিছত লাহে লাহে তাই চকু হাল মুদিলে ।

পৰীয়ে বাৰে বাৰে ধুনলৈ ফোন কৰি আছিল ! Wating .....কি আচৰিত ধুনে ক'ত ইমান বিজি ? আকৌ ফোন কৰে ..! একেই বিজি ৷ খঙতে তাই ফোনটো অফ কৰি থ'লে আৰু বিচনাত শুই শুই কান্দিলে । কি হ'ল আজি কেইদিনমানৰ পৰা এই অংশুটো ক'ত বিজি থাকে । বহুত সলনি হ'ল ..। আগৰ দৰে কেয়াৰও নোলোৱা হ'ল ? তাই বহুত আঘাত পাইছিল অন্তৰত ! তাই থিৰাং কৰিলে যে তাই আজি প্ৰশ্ন কৰিব অংশুক। ফোনটো অন কৰি থ'লে । দুঘণ্টা পিছত তাইৰ ফোনটো বাজি উঠিল ৷
- হেল্লো.... অংশু 
- এটা জৰুৰী ফোন কথা পাতি আছিলো তুমি কিয় ইমান ফোন কৰি আছা ?
- অ' আমনি দিছো ?
- কৈছোঁ নেকি ?
- তাকেই তোমাৰ কথাত প্ৰকাশ পাইছে ৷
- তোমাৰ শান্তি নাই ?
- ক'ত বিজি আছিলা ? মোক ফোন এটা কৰিবলৈ সময় নাই । কিন্তু মই ফোন কৰিলেই বিজি ?
- তোমাৰ কেৱল সন্দেহ । মই কি ক'তোয়ে ফোন কৰিব নোৱাৰো ৷
- সন্দেহ মই কৰিব যোৱা নাই ৷ প্ৰত্যেক ছোৱালীক শুধিবা নিজৰ মানুহজনে বেলগত বহুত সময় বিজি থাকিলে কেনেকুৱা লাগে ? দিনটোত নিজে এবাৰো ফোন নকৰা মই কৰিলেও বিজি ! (কান্দিব ধৰিলে, তাই বহুত কোমল অন্তৰৰ ছোৱালী বাবেই অলপতেই কান্দে)
- নাটক বন্ধ কৰা ৷ এই কন্দা কটাবোৰ কাম নাই মিছা মিছি অশান্তি আৰু শুনা পৰী তোমাৰ লগত কথা পাতিলে মোৰ টকা পইচা নাহে । মই থাকো বিভিন্ন চিন্তাত ৷ কথাষাৰ শুনাৰ লগে লগে হতবাক হ'ল !! পৰীয়ে বহুত আঘাত পালে অন্তৰত, তাই একো নক'লে মাথো শুনি গ'ল । তেনেকৈ কাজিয়া কৰিয়েই অংশুই তাইক ক'লে যে- জান মই এটা সিদ্ধান্ত লৈছো !
- কি ?
- মই আৰু এইটো সম্পৰ্কত থাকিব নোৱাৰো ৷ গতিকে দুয়ো দুয়োৰে পৰা আঁতৰ হওঁ ৷ পৰীৰ মূৰত আকাশ ভাগি পৰিল । এইষাৰ কথা অংশুৰ মুখত শুনিব বুলি সপোনতো ভবা নাছিল ৷ কি হ'ল তাইৰ জীৱন, কিয় তেনেকুৱা কৰিলে তাইক ৷ মনত পৰি গ'ল ভৰলুমুখৰ পাৰ্কত বহি মুক্ত আকাশৰ তলত বায়ু- বসুমতিক সাক্ষী কৰি দিয়া প্ৰতিশ্ৰুতিবোৰ ৷ অংশুৱে পৰীৰ দুচকুত বিচৰা সাগৰৰ মানিক সদৃশ চকুলো দুধাৰি আজি দুচকুৰ পতাৰ পৰা নিগৰি গ'ল ৷ নিয়তিৰ কি পৰিহাস, সময় কিয় ইমান নিষ্ঠুৰ, পৰীয়ে এইবোৰ ভাবি ভাবি মৌন হৈ মাথো চকুলো টুকিলে । সাহস গোটাই অংশুক শুধিলে- মই হীনে তুমি সুখী নে সঁচাই ?
- এনেকৈ থকাতকৈ সুখী ! পৰীৰ বুজিবলৈ বাকী নাথাকিল ।
- মই যে তোমাৰ অবিহনে থাকিব নোৱাৰোঁ ৷ তুমিহীনতাত মোৰ হৃদয় শূন্য ৷

মই সেইবোৰ নাজানো বুলি অংশুৱে ফোনটো কাটিলে । পৰীয়ে চিঞৰি চিঞৰি কান্দিলে .. আৰু মনতে ভাবিলে অংশুৱে ফোন কৰিব ! কিন্তু নাই কৰা ! তাই ফোন কৰিলেও কাটি দিয়ে । হঠাৎ ফোনটো বাজি উঠাত তাই চক্ খাই উঠিল ! সেই একেই অৱস্থা আজি এবছৰে এনেকৈয়ে অংশুক মনত পেলাই ! আজিও তাই এনেকৈ বাৰাণ্ডাত বহি থাকে, পদূলিলৈ চাই থাকে কিজানিবা অংশু আহেই ৷ তাই কি ভুল কৰিছিল যে অংশুৱেই তাইক এনেকৈ আধা বাটত এৰি থৈ গ'ল ? অংশুৰ পৰা অলপ মৰম, অলপ সময় বিচৰাটোৱেই কিজানিবা ভুল আছিল ? দুগালেদি দুধাৰি অশ্ৰু নিগৰি আহিল ! এনেদৰে তাই সদায় বিষাদৰ চকুলো বোৱাই নিজকে লাঞ্চনা দিয়ে ৷ অকণমান মৰম হে বিচাৰিছিল তাৰ সলনি পালে কি চিৰ দিনৰ বাবে অংশুক হেৰুৱাব লগা হ' ল । হয়টো অংশুৱে নতুনকৈ আগবাঢ়িল । পৰীয়ে আজিও অংশুকেই ভাল পায় নিস্বাৰ্থ ভাৱে । তাইৰ কি ভুল আছিল বাৰু যাৰ বাবে তাই এনেকৈ নিদ্ৰাহীন জীৱন কটাব লগা হৈছে ? এয়াই প্ৰকৃত ভাল পোৱা নে ?