স্নেপশ্বট ১
"গ'ল গ'ল গ'ল
এক দুই ওৱান টু "
কিৰীলি মিশ্ৰিত ধ্বনিত মুখৰ হৈ উঠে ঠাইকন ।
নিৰ্জন দুপৰীয়া নাইবা মাজ নিশা । কোনেও একো নকয়, অথবা কোৱাৰ প্ৰয়োজনবোধ নকৰে ৷
অদৰকাৰত মিছামিছি জঞ্জালত সোমাব নিবিচাৰে কোনেও । ব্যস্তনগৰৰ ব্যস্ত মানুহ । চিঞৰটো
শুনি কেতিয়াবা ঘূৰি চাই তাইক, আন কিছুমানে আওকাণ কৰে । হয়, তাই পাগলী ৷ কেতিয়াবা
বজাৰত, কেতিয়াবা স্কুল- কলেজত চৌহদত আন কেতিয়াবা ৰে'ল লাইনৰ কাষত ঘূৰি ফুৰা তাই
এজনী পাগলী । কাকো কেতিয়াও অন্যায় নকৰা, আক্ৰমণ নকৰা তাই যেন এক যাযাবৰ শিল্পী ৷
স্কুলৰ জিৰণিৰ সময়ত কেতিয়াবা তাই চিঞৰি উঠে- "গ'ল গ'ল গ'ল এক দুই ওৱান টু ৷" কোনেও
নুবুজে তাৰ অৰ্থ; মাথো ল'ৰা ছোৱালী বিলাক ৰৈ থাকে তাই "গ'ল গ'ল" বুলি কোৱালৈ । তাৰ
পাছতে সিহঁতে সমস্বৰে চিঞৰি উঠে- এক দুই ওৱান টু.......
স্নেপশ্বট ২
"হয় কওঁক চোন সমস্যাবোৰ.."
- ডা° মিশ্ৰই কৌস্তভৰ চকুত চকু থৈ কয় ৷
- হয়
ডাক্তৰ, তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে । প্ৰকৃততে তাই মোৰ সম্বন্ধীয় মামাৰ
ছোৱালী । আজি প্ৰায় ৮/৯ বছৰে তাইৰ কোনো শুংসূত্ৰই নাছিল । আমিতাই জীৱিত নে মৃত তাকো
জনা নাছিলোঁ । ভাগ্যক্ৰমে মই এই চহৰৰে হায়াৰ চেকেণ্ডাৰী স্কুলখনলৈ বদলি হৈ আহি তাইক
এই অৱস্থাত আৱিস্কাৰ কৰিছোঁ । তাইক সুস্থ কৰি তোলক ডাক্তৰ । চকু চলচলীয়া হয় তাৰ
।
- নিশ্চয় । কিন্তু তাৰ আগতে মই তেওঁৰ বিষয়ে সবিশেষ জানিব লাগিব । তাৰ বাবে মোক
আপোনাৰ যথেষ্ট সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব । মই ভাবো আপুনি নিশ্চয় মোক এই বিষয়ত
সহযোগ কৰিব ৷
- ১০০ শতাংশই ডাক্তৰ । তাই নীলাঞ্জনা চৌধুৰী ৷ অত্যন্ত স্মাৰ্ট আৰু
মেধাৱী ছাত্ৰী আছিল তাই । ইংৰাজী সাহিত্যত প্ৰথম শ্ৰেণী সহ স্নাতক ডিগ্ৰী লৈ
স্নাতকোত্তৰ শ্ৰেণীত ভৰ্তি হৈছিল তাই আৰু তাৰ পাছতেই লাগিছিল কেৰোণটো ৷
স্নেপশ্বট ৩
জালুকবাৰী ..জালুকবাৰী মানেই প্ৰেমৰ পৃথিৱী ।যৌৱন পুষ্ট শত সহস্ৰজনৰ সপোন পুৰী
যেন জালুকবাৰী । জালুকবাৰীয়ে মায়া সানে.... প্ৰেমৰ । জালুকবাৰীয়ে আবিৰ সানে সপোনৰ ।
জালুকবাৰী সাক্ষী হৈ ৰয় প্ৰেমৰ, সপোনৰ । এই জালুকবাৰী সাক্ষী হৈ ৰৈছিল নীলাঞ্জনা
আৰু সমীৰৰ প্ৰেমৰ । ইংৰাজী সাহিত্যৰ দুই আলোক সন্ধানীয়ে এদিন বাট লৈছিল কৃষ্ণচূড়াৰ
ৰঙা দলিচাৰ ওপৰেৰে..... সাক্ষী হৈ ৰৈছিল নিৰ্জন দুপৰীয়াবোৰ... সহপাঠীবোৰ ৷ ভাৰ্ছিটি
উইক । নাটকৰ আখৰাৰ বাবে ব্যস্ত ছাত্ৰ -ছাত্ৰী ৷ প্ৰতিযোগিতা তুঙ্গত ৷ শ্ৰেষ্ঠতৰ
বাবে জোৰদাৰ প্ৰস্তুতি । নাটকৰ পাণ্ডু লিপিৰ বাবে নীলাঞ্জনা গৈছিল সমীৰৰ ভাড়াঘৰলৈ,
আবেলি অকলশৰে.... -"নীলা -""ওঁম ""আই এম চৰী ৷ অজানিতে কিবা কিবি হৈ গ'ল... 'একো
নাই সমীৰ ৷ মোৰ বিশ্বাস আছে তোমাৰ ওপৰত.. নিজতকৈও অধিক । এই বিশ্বাসৰ ভিত্তিতে
জীয়াই থাকিব বিচাৰোঁ মই, অপেক্ষা কৰিম তোমাৰ বাবে.... আজীৱন । মাত্ৰ ভগৱানৰ ওপৰত
আস্থা ৰাখাঁ ৷"
সমীৰৰ বুকুত হাত এখন দি আৱেগ মিশ্ৰিতস্বৰেৰে কয় নীলাঞ্জনাই । তাই
যে নীলাঞ্জনা..... নীল সাগৰ কিম্বা নীল আকাশৰ দৰেই বিশাল.... উদাৰ....
প্ৰতিশ্ৰুতিবোৰ পুৰণি হয় । কেলেণ্ডাৰৰ পৃষ্ঠা লুটি খাই ৷ নীলাঞ্জনাই আঙুলিৰ মূৰত
দিন গণনা কৰে । উদ্বাউল হয় তাই। বুকুত কঢ়িয়াই ফুৰে শংকা ।সমীৰৰ কাষলৈ বাউলী হৈ দৌৰ
মাৰে । কি হ'ব এতিয়া সমীৰ ! ঘৰত জানিলে মোক মাৰি পেলাব ।সমাজৰ কথা আছে, ঘৰখনৰ
সন্মানৰ কথা আছে । প্লিজ কিবা এটা কৰা । মোক উদ্ধাৰ কৰা।
সমীৰৰ বুকুত সোমাই তাই ৰাউচি জোৰে ৷ সন্মত হয় সমীৰ । একেষাৰেই.... জালুকবাৰীৰ
মোহ এৰি, কৃষ্ণচূড়াৰ দেশৰ পৰা সিহঁত দুয়ো সেই ৰাতি গুচি যায় । অজান ঠাইলৈ... দুয়ো
এক হ'বলৈ... সপোন আৰু বিশ্বাসৰ পূৰ্ণ ৰূপ দিবলৈ । ঘৰৰ একমাত্ৰ সন্তান সমীৰ ৷ কান্দি
কাটি মাক পাগলী হয়, চকু কোটৰত সোমাই ৷ দেউতাকে তৰ্জন গৰ্জন কৰে ৷ ওচৰ চুবুৰীয়াই থূপ
পাতি পাতি গুণগণনি তোলে । তাৰ মাজতে মাকৰ অনুনয় বিনয়ত দেউতাকৰ হিয়া মম গলাদি গ'লে
।
ঘৰৰ ল'ৰা ঘৰলৈ আহক... সমাজক সাক্ষী কৰি নীলাঞ্জনাই কপালত পূৰ্ণিমাৰ জোন আঁকে ৷
দিন আগবাঢ়ে.. সময়ে ইংগিত দিয়ে নীলাঞ্জনাৰ মাতৃ হোৱাৰ সময় সমাগত । ঘৰখনত আনন্দৰ
খলকনি উঠে । নীলাঞ্জনাৰ কোলা শুৱনি কৰি নিশান্ত আহে.... নিশান্ত যেন এক দেৱদূত হে !
য'ত নিশাৰ অন্ত হয়, তাতেই নিশান্ত । একলা দুকলাকৈ নিশান্ত বাঢ়ি যায় পূৰ্ণ চন্দ্ৰৰ
দৰে । সময়ে বাগৰ মাৰে ৷ ইতিমধ্যে নীলাঞ্জনাৰ ঘৰেও সিহঁতক আঁকোৱালি লয়.. হাজাৰ হওঁক
নিজৰ সন্তান ৷ কিবা এটা ভুল কৰিলে বুলি দলিয়াইতো দিব নোৱাৰি ৷ ঘাত- প্ৰতিঘাত নেওচি
সিহঁতৰ সংসাৰ আগবাঢ়ে ৷ এদিন হঠাতে প্ৰেচাৰ ষ্ট্ৰক হৈ সমীৰৰ দেউতাক গুচি যায় ঘূৰি
আহিব নোৱাৰা ঠাইলৈ । ঘৰখনলৈ আন্ধাৰৰ ছাঁয়া নামি অহা সময়তে সমীৰে ইউনাইটেড বেংকৰ
ক্লাৰিকেল প'ষ্টত যোগদান কৰে ৷ পুনৰ স্বাভাৱিকহৈ পৰে সময়.... নিশান্তই চাৰি বছৰত
ভৰি দিয়ে । সিহঁতে আলোচনাৰ কৰে তাক স্কুলত নাম লগাই দিয়াৰ কথা । সিদিনা আছিল ৬
জানুৱাৰী ৷ নিশান্তক প্ৰথম স্কুললৈ নিবৰ বাবে সমীৰে চুটি লৈছিল । তিনিও আগ বাঢ়িছিল
স্কুল অভিমুখে । নিশান্তৰ সৰু সৰু প্ৰশ্নবোৰৰ উত্তৰদিও ভাগৰি পৰা নাছিল নীলাঞ্জনা
আৰু সমীৰ । স্কুলৰ চৌহদ ঠিক পাইছিল গৈ । নীলাঞ্জনাক নমাই স্কুললৈ বুলি বাইকখন
ঘূৰাওঁতেই ঘটিছিল অঘটনটো । তীব্ৰবেগী ট্ৰাকৰ খুন্দাত তেজেৰে লুতুৰি- পুতুৰি হৈছিল
নিশান্ত আৰু সমীৰ ৷ উদভ্ৰান্ত হৈ পৰিছিল নীলাঞ্জনা ৷ বহু কন্দা কটা কৰিও ঘূৰাই আনিব
নোৱাৰিলে তাইৰ বুকুৰ দুই কুটুমক । অচেতন হৈ ঠাইতে ঢলি পৰিছিল তাই ।প্ৰায় একমাহ আই.
চি. ইউত চিকিৎসাধীন হৈ থাকি যিদিনা তাইৰ জ্ঞান ঘূৰি আহিছিল, সেইদিনা আৰু তাই আগৰ
নীলাঞ্জনা হৈ থকা নাছিল । হেৰাই গৈছিল তাই নিজৰ পৰা, হেৰুৱাই পেলাইছিল মানসিক
ভাৰসাম্য.... চিকিৎসালয়ৰ পৰা তাইক লৈ অহা হৈছিল ঘৰলৈ । কিন্তু তেতিয়া যেন সেইখন ঘৰ
হৈ থকা নাছিল । ঘৰ নহয় যেন মৰিশালি হে । মাজে মাজে তাই চিঞৰি উঠিল- "গ'ল গ'ল গ'ল এক
দুই ওৱান টু । তাৰ কেইদিনমানৰ পাছতেই নীলাঞ্জনাই ঘৰৰ পৰা নোহোৱা হৈছিল ৷ ক'লৈ গ'ল
কোনেও নাজানে । বহু বিচাৰ খোচাৰ কৰিও যেতিয়া তাইৰ একো সম্ভেদ নাপালে, তাইৰ আত্মীয়ই
আশা এৰি পেলালে ।
একেৰাহে কথাখিনি কৈ কৌস্তভ কিছুপৰ ৰ'ল । ৰুমালেৰে মুখখন
মচিপানী এঢোক খালে । ইতিমধ্যে নীলাঞ্জনা চেম্বাৰৰ বিছনাত টোপনিত লালকাল । ডাক্তৰ
মিশ্ৰৰ চকুৰ কোণত জিলিকি উঠিল দুটোপাল অশ্ৰু । কি ক'ব এতিয়া তেওঁকৌস্তভক ৷ এই নাৰী;
যি নিজৰ স্বামী সন্তানৰ তেজেৰে ৰঙালী হোৱা নিথৰ দেহৰ ওপৰত আটাহ পাৰি চিঞৰিছে, যি
বিচ্যুত হৈছে নিজ কক্ষপথৰ পৰা, সেই নাৰীক চিকৎসা প্ৰদান কৰি সুস্থ কৰি তুলিব
পাৰিবনে তেওঁ ? নীলাঞ্জনা সুস্থ হৈ উঠিলেই যেনিবা, বুকুত দুকুৰা জীয়া জুই সাবটি
জীয়াই থকাতো সহ্য কৰিব পাৰিবনে তাইৰ পৰিয়ালে ? নে নীলাঞ্জনাৰ আজিৰ অৱস্থাটোৱেই
উত্তম তাইৰ বাবে.... য'ত তাই নিজেই নাজানে নিজৰ পৰিচয় ! কথাবোৰ ভাবি ভাবি ডাক্তৰ
মিশ্ৰৰ কপালত কেই টোপাল মান ঘাম বিৰিঙি উঠিল ।








