সময় আহে আৰু যায়
থৈ যায় কিছু স্মৃতি,
স্মৃতিৰ শেতেলিত পৰি
সপোনবোৰে কথা কয় ৷
প্ৰতিপল অনুভৱতে
দুখৰ গৰবিনীকো
সুখৰ উত্তৰণ কৰাই
নতুনক আদৰিবলৈ
সৌদামিনী সজায় ।
সৃষ্টিৰ বটবৃক্ষৰ গাত
লহপহ কৈ মেৰ খাই
বগাই অহা আশাবোৰে
ভৱিষ্যতৰ তিৰবিৰ জ্যোতিত
জীয়াই থকাৰ সমল বিচাৰি
সেউজ হোৱাৰ প্ৰয়াস কৰে ৷
মহাকল্পত ভাহি আহে
ন ন মনস্তত্ত্বৰে
নৱ সংকল্পক সাৰথি কৰি
মন্দাকিনীৰ ধাৰাৰে জীৱন- নৌকা ৷
অসুয়া- অপ্ৰীতিক
বিগত সময়ৰ হাততে
পৰিহাৰ কৰি আহি
নৱ ৰত্নময় স্মৃতিকে
বুকুত গজাই তোলাত
সেউজ পৃথিৱীৰ সপোনেও প্ৰাণ পায় ৷
কাৰণ এনেদৰেই
বিগতক অনাগত কৰি
সময়... আহে আৰু যায় ৷
ঠিকনাঃ গুৱাহাটী - ১৯
থৈ যায় কিছু স্মৃতি,
স্মৃতিৰ শেতেলিত পৰি
সপোনবোৰে কথা কয় ৷
প্ৰতিপল অনুভৱতে
দুখৰ গৰবিনীকো
সুখৰ উত্তৰণ কৰাই
নতুনক আদৰিবলৈ
সৌদামিনী সজায় ।
সৃষ্টিৰ বটবৃক্ষৰ গাত
লহপহ কৈ মেৰ খাই
বগাই অহা আশাবোৰে
ভৱিষ্যতৰ তিৰবিৰ জ্যোতিত
জীয়াই থকাৰ সমল বিচাৰি
সেউজ হোৱাৰ প্ৰয়াস কৰে ৷
মহাকল্পত ভাহি আহে
ন ন মনস্তত্ত্বৰে
নৱ সংকল্পক সাৰথি কৰি
মন্দাকিনীৰ ধাৰাৰে জীৱন- নৌকা ৷
অসুয়া- অপ্ৰীতিক
বিগত সময়ৰ হাততে
পৰিহাৰ কৰি আহি
নৱ ৰত্নময় স্মৃতিকে
বুকুত গজাই তোলাত
সেউজ পৃথিৱীৰ সপোনেও প্ৰাণ পায় ৷
কাৰণ এনেদৰেই
বিগতক অনাগত কৰি
সময়... আহে আৰু যায় ৷
ঠিকনাঃ গুৱাহাটী - ১৯








