চেণ্টু দাৰ মন মৰা অৱস্থাটো দেখি বৌৰ মনটো কিবা চিৰিং কৰি উঠে । হাজাৰ হ'লেও একে
চিঙা কেতাৰ তলত কিমান ৰাতি হাঁহি -ধেমালি, সুখ- দুখৰ কথাৰ বখলা মাৰি পাৰ কৰিছে ।
দুয়ো জনৰ মাজত সাপ- নেউলৰ লেখীয়া প্ৰেম ৷ কেতিয়াবা প্ৰেমৰ উন্মাদনাত চেণ্টুদাৰ নাক
কিমান ৰাতি বিসৰ্জন দিব লগা হৈছে । এদিন ৰাতিতো এক ঘোচাত দাঁত এটাকে ভাঙি দিলে
বাপ্পেকে ৷ তেতিয়া চেণ্টুদা ফেঁকুৰী উঠা দেখি বৌৱে সুধিলে ।
- কিয় কান্দিছে
?
- নাকটো .....
- কি মই নাকটোত এটা ঘোচা মাৰোতে..... তথাপি বেলেগৰ দৰে একো
নকওঁ । মাথো এটা ঘোচা মাৰিছো ।
- মইতো একো কোৱা নাই ।
- কি ? তাৰ মানে সকলো
মইয়ে কওঁ ?
- অশিক্ষিত মাইকীৰ পাল্লাত পৰিব লাগিছিল বাপ্পেকে.. তেতিয়া
বুজি পালেহৈ ।আ.....আ.....হু .... আৰম্ভ
হৈ গ'ল বাপ্পেকে । চাল্লা দিল্লী কা লড্ডু ... খা বাপ্পেকে....
- চাল্লা এই
যমদূত বোৰ গ'লত চপাবলৈ কাৰ মূৰত পোকে ধৰিছিল বাপ্পেকে- চেন্টুদা ভোৰ ভোৰালে ৷
-
কি কৈছে ... ভালকে ক'ব নোৱাৰে নেকি ?
- এ্যা.... অ'.... নাই একো নাই ।
- কি
একো নাই ... মোক আঁকৰী বুলি ভাবিছে নেকি ? সিদিনা পল্লৱীয়ে মোক ঠগাব খুজিছিল ।
পাৰিছে জানো ? নোৱাৰে ... সি বেটি মোক আঢ়ৈ টকাৰ বেঙেনা দি দুই টকা ল'ব খুজিছিল ।
মইয়ো এক ধমকি দি আঢ়ৈ টকা দি আহিলোঁ । আৰু আপুনি... আপুনি মোক ভালে নাপায় ।
- আৰে
কি কৈছা ! মই তোমাক ভাল নাপাওঁ । আৰে তোমাৰ মৰমতে পচিশ পইচাৰ বুট কিনি অকলে অকলে
খাই ছুলা (বাকলি) কেইটা তোমাৰ বাবে থৈ দিও, সেইবোৰো চকুৰ আগতে নিগনিয়ে খায় আৰু তুমি
কৈছা মই তোমাক ভাল নাপাওঁ । আজি সেইজন ব্যক্তিক কিহে পালে ।
- আপোনাৰ কি হৈছে
?
- কেনেকৈ সম্ভৱ ?
- কি কেনেকৈ সম্ভৱ ?
- নাই, এয়াও কি সম্ভৱ... নাই হ'ব
নোৱাৰে । চাৰিওফালে হুৱাদুৱা লাগি গ'ল । গাৱঁলীয়াৰ লানি ছিঙা ভিৰ । চাল্লা ইলেকচনত
উঠা যেন পাইছে । বৌৱেকে ভাবিলে মোৰ হে চিৰাঁল ফাট মাৰিছে চাল্লা ইহঁতৰ বিনা
নিমন্ত্ৰণৰ তামচা বাপ্পেকে ৷
- তৰমুচ ওজাক মাতি আন । এজনে ক'লে ।
- তৰমুজ নহয়
অ' হৰমুচ । আন এজনে ক'লে ।কথা মতেই কাম । গাৱঁৰ চেমনীয়া দুটাই মাইটা ধুৰা (ভঙা
চাইকেল) খন লৈ গুছি গ'ল । হৰমুচ ওজা আহি পালে । চেণ্টু দাৰ এইবাৰ টেমা গৰম হৈ গ'ল
বাপ্পেকে । চাল্লা চন্দ্ৰলৈ মানুহ যোৱা বিজ্ঞানৰ যুগতো ভূত বাপ্পেকে । সি সন্মত
নহ'ল ।তাক যোৰ কৰি নি বহালে ।
- ইল.... কা.. ওজায় কিবা মন্ত্ৰ মাৰিলে । ফুল ঝাড়ু
এখন লৈ তাৰ মূৰৰ পৰা ভৰিলৈ মচিব ধৰিলে । কেতিয়াবা ঝাড়ুৰ আগ নাকৰ পাহীয়েদি ভিতৰলৈ
সোমাই গৈ হাঁচি নামৰ বমটোক বাহিৰলৈ লৈ আহে । এনেদ'ৰে কিছু সময় যোৱাৰ পিছত চেণ্টু
দাৰ অৱস্থা অথৈবচ । সি নীৰৱ হৈ পৰিল ।
- তই ক'ৰ পৰা আহিছ ? ওজাই সুধিলে ৷
-
কি .... হিমালয়ৰ পৰা ?
- ঠিক আছে .... ঠিক আছে ... । ইত্যাদি..... বেচেৰি বৌ
জনীৰ কণ্ঠ শুকাই গ'ল । কি হ'ব এতিয়া ! কিন্তু আনক সেই টেনচন বুজিব নিদিলে । দৈবাদ
কোনোবাই বুজিব ধৰিলেই ব্ৰহ্ম অস্ত্ৰ হাঁহিটো এৰি দিয়ে ৷ সিয়ো যে জেউৰা খৰি চেপা
পিত্ত ৰস ।
- এতিয়া কি হ'ব ? বৌৱে সুধিলে ।
- ইল .... খাজা ....ব্ৰহ্মাণ্ড ।
ওজাৰ চিঞৰত কেইবাজনো ছিটিকি পৰিল ৷
- আছে ... ৰাস্তা আছে । কিন্তু খুব কঠিন ঐ বো
। কৰবাৰ পাৰবি ? পুনৰ ক'লে ৷
- নিশ্চয় .... নিশ্চয় পাৰিম । বৌৰ কণ্ঠত জঠৰতা ...
চাল্লা কি বা....
- পাঁচটা নাল (ৰঙা) মুৰোগ (মতা কুকুৰা ) পাঁচ কেজি জহা চাইল
(চাউল) আৰু শুৱা পাঁচ হাজাৰ টকা লাগব । ওজাই একে উশাহতে কৈ দি'লে । বৌৰ চকু কপালত
উঠিল । ইমান মখা ক'ত পায় । ৰজা ঘৰীয়াৰ আশু কৃপাত পথাৰতো এইবাৰ ধান'ৰ সলনি পতানহে
ফলিল । কি কৰা যায় ....ভাবিব ধৰিলে ।
- তাৰা তাৰি কৰা .... ওজাই চিঞৰিলে ৷
-
ইমান খিনি ক'ৰ পৰা দিওঁ বাবা । কিবা কমাব........ যদি.......
- অসম্ভৱ ....
অনাৰ্ত হ'ব .... ঘোৰ অনাৰ্ত ..... ঘৰ দূৱাৰ পুৰি যাইব ....ডাঙৰ বেটা খাই দিব ভূঁতে
......"বৌ কপিব ধৰিলে । কি হ'ব এতিয়া । চেণ্টুদাৰ ধৈৰ্যৰ বান্ধ ছিঙি গ'ল । সি জাম্প
মাৰি থিয় দিলে । এইবাৰ সি ওজাক উৰ্জপৰি কিল, ঘোচা আৰু লথিয়াব ধৰিলে । বৌ ভাবিলে
সকলো ভূতে খালে ।
- ৰ' ৰ' আমাৰে মাৰোচ ক্যা ? তোৰ বৌৰে মাৰ । -ওজাই কেকাই কেকাই
ক'লে ।
- কোনে মাৰিছে ? মইতো মৰা নাই ।- চেন্টুদাই উত্তৰ দিলে ।
- তেন্তে
কোনে মাৰিছে ?
- ভূতে আকৌ .... চাল্লা মোক ভূতে লম্ভিছে না ? চাল্লা মোৰ ঘৰ-
বাৰী জ্বলিব, বৰ পুত্ৰ মৰিব... না... ইমান খিনি জানা, ইয়াত আহিলে মই মাৰিম সেইটো
নাজানা ?- চেণ্টু দা চোঁচা ল'লে । ওজা দৌৰি পলাল । বৌৱে তভত মানি চেণ্টু দাৰ ফালে
চাই ৰ'ল ।
- কি চাইছা ?- চেণ্টু দা সুধিলে ।
- কি হ'ব এতিয়া ?
-
ভ...ভ...ভূত
- আৰে ইয়াৰ .... তোমাৰ দ'ৰে ঘৈণী থাকোতে ভূতৰ কি কাম ?
- অ' তাৰ
মানে মই ভূত ?
- মই কেতিয়া ক'লো ?... পিছে কথাষাৰ মিছা নহয় ।
- তেন্তে
এইবোৰ...
- কৈনেকৈ সম্ভৱ.. হ'ব নোৱাৰে ।
- কি হ'ব নোৱাৰে ?- বৌ পুনৰ সুধিলে
৷
- মই.... মই গৰ্ভৱতী.... ।- চেন্টু দা সেমেনা- সেমেনি কৰিলে । কি ? সকলোৱে
চিঞৰিলে । যানোচা ভূমিকম্প হে হ'ল । বৌ তো এনেদ'ৰে মুখ মেলিলে ম'হে মূখৰ ভিতৰত সাত
বাৰ সোমাই সাতবাৰ কণী পাৰিব পাৰিব ।
- ধেৎ ... কেনেকৈ সম্ভৱ ।- এক সমস্বৰ
আৰ্তনাদ ।
- তাকেইতো কেনেকৈ সম্ভৱ.. ৷- চেন্টু দা অলস ভাৱে উত্তৰ দিলে ।
-
আপুনি কেনেকৈ জানিলে ?- বৌ সুধিলে ।
- ডাক্তৰে প্ৰস্ৰাৱ পৰীক্ষা কৰি কৈছে ।
-
সিদিনা বটলত কৰি নিছিলে যে সেইটো ?
- অ' আকৌ ।
- হাঃ হাঃ হাঃ হি হি হি হি....
৷- বৌ পাগলী ধৰে হাঁহিব ধৰিলে ।
- তোমাক আকৌ কোন ভূঁতে লম্ভিলে ?- চেণ্টু দা
অবাগ হ'ল ।
- আৰে... হি... হি.... সেই..... হি..... ৷
- আগতে কৈ লোৱা
.....আমিও অলপ হাঁহো ৷
- আৰে হা... হা..... সে.... সেই দিনা... হি.. হি... সেই
দিনা আপুনি প্ৰস্ৰাৱ ভৰাই থৈ যোৱা বটল.... হি... হি.... আপাটোৱে পেলাই দিছিল । মই
ভয়তে নিজে প্ৰস্ৰাৱ কৰি ভৰাই থ'লো । আপুনি সেইখিনি পৰীক্ষা কৰি লৈ আহিলে । গৰ্ভৱতী
আপুনি নহয় মইহে হ'লো । হি হি হি হি.... ।- বৌ হাঁহিব ধৰিলে ।
- কেনেকৈ সম্ভৱ ?
নিৰ্বাচন খেলিম বুলি ঘৰৰ পৰা দূৰত আছো তিনি বছৰে । দুইজন সন্তানৰ ওপৰত সন্তান হ'লে
চাল্লা নিৰ্বাচন খেলিব নোৱাৰিম । তেন্তে.....
- এহ .... তাৰমানে মই কি তেন্তে...
৷- এইবাৰ হাঁহিৰ জোৱাৰ কান্দোনত পৰিৱৰ্তন হ'ল ।
- নাই নাই .... মই তেনেকৈ কোৱা
নাই ।
- আপুনি যে সপোনত আহিছিল মনত নাই ?
- অ... হয়... হয় .... । এয়াও কি
সম্ভৱ .... পৰিৱৰ্তনৰ যুগ হ'বওঁ পাৰে ।
- কি যে হ'ব .... সকলোৱে ভোৰভোৰাই গুছি
গ'ল ৷
দূৰভাগঃ ৯৭০৭৬৯৬৪৯৩








