পোহৰলৈ এখোজ (কলচুম বিবি)


মৃত্যু চিৰ শাশ্বত বুলি জনাৰ পিছতো মৃত্যু আমাৰ কাম্য নহয় ৷ কাম্য নহয় মুক্তি ৷ কাৰণ জীৱন বৰ অনুপম ৷ তথাপিও কেতিয়াবা কেতিয়াবা মানসিকভাবে ভাগৰি পৰো ৷ উজুটি খাওঁ জীৱন পথত ৷ আঘাত প্ৰাপ্ত হওঁ ৷ তাতে যদি আঘাতবোৰ আপোনবোৰে দিয়ে তেন্তে এই বিনন্দীয়া জীৱন হৈ পৰে নৰক ৷ গুছি যাবলৈ মন যায় এনেকুৱা এখন পৃথিৱলৈ য'ত মায়া মমতাৰ আঁৰ বেৰা নাথাকিব ৷ নাথাকিব ঘৃণা ৷
মৃত্যু মোৰো কাম্য নহয় ৷ ওচৰে পাজৰে থকা দায়িত্বৰ শিকলি ছিঙিবলৈ মই অপাৰগ ৷ সুন্দৰ সম্পৰ্কবোৰ মোহাৰিব নোৱাৰো ৷ সেয়ে এডজাষ্ট কৰো প্ৰতিপল, সহ্য কৰো সকলো ৷ তথাপিতো আজি মৰিবলৈ মন গৈছিল ৷ ছিঙিবলৈ মন গৈছিল সকলো বান্ধোন ৷
জেপজপীয়া বতৰটোৱে বাট- পথবোৰ পংকিলময় কৰি তুলিছে আৰু লগতে মনবোৰো ৷ যাবলৈ মন গৈছিল সেইসকল শিশুৰ কাষলৈ যাৰ জীৱন জ্যোতি ম্লান পৰিছে ৷ যিসকল শিশু আনৰ ওপৰত নিৰ্ভৰশীল হৈ জীয়াই আছে ৷ কিন্তু নোৱাৰো যাব ৷ নোৱাৰো মুকলিকৈ উশাহ ল'ব ৷ প্ৰত্যেক ৰাতিৰ যন্ত্ৰণা ভৰা মুহূৰ্তবোৰ এৰিব বিচাৰো ৷ প্ৰেমৰ নামত কিমান আৰু এডজাষ্ট ? বিচাৰিছিলো কি আৰু পালো কি ? কিমান আৰু নিজৰ অনিচ্ছা সত্বেও দেহটো সমৰ্পণ কৰিম ? দোভাগ ৰাতিৰ যন্ত্ৰণা যি কাকো ক'ব নোৱাৰি সেয়া কেনেকৈ সদায় অৱগাহন কৰো ৷
কেতিয়াবা শৈশৱলৈ ঢাপলিয়াবলৈ মন যায় ৷ মন যায় উৰি ফুৰিবলৈ ৷ কিন্তু সেই শৈশৱতো তেনে কোনো স্মৃতি নাই যাৰ বাবে উভতি যাম ৷ কঁপি উঠো ভাবিলেই ৷ নাৰী বাবেই নেকি ইমানবোৰ যন্ত্ৰণা, ইমানবোৰ কষ্ট ৷ যাক সহিব লাগে নীৰৱে ৷ চেকা লগা শৈশৱ মোৰ, পিতৃ মাতৃৰ কলহৰ সাক্ষী সেই শৈশৱ ৷ সাক্ষী আপোনবোৰৰ কঠুৱা হৃদয়ৰ ৷ সাক্ষী সম্বন্ধীয় খুৰাৰ দ্বাৰা হোৱা নিৰ্যাতনৰ ৷ বিস্মৃতিৰ গৰাহত ঠেলি ঠেলি পুতি থৈছো সেইবোৰ ৷ পুনৰ তালৈ উভতি গৈ মানসিক ভাৱে ভাঙি পৰাৰ আকাংক্ষা নাই ৷


ওঠৰ বছৰ বয়সলৈ প্ৰেম আছিল মোৰ বাবে ঘৃণনীয় বিষয় ৷ ভালপোৱা মোৰ বাবে একুৰা জুই আছিল ৷ য'ত ভৰি দিলেই জ্বলি ছাই হৈ যাব মোৰ সমগ্ৰ সত্তা ৷ তাৰ কাৰণ হয়তো মোৰ আশে পাশে সংঘটিত হৈ থকা ঘটনাবোৰ ৷ বৰদেউতাৰ ছোৱালীজনী ল'ৰা এজনলৈ পলাই যোৱাত বৰদেউতাই পুলিচ কেচ দিয়ে ৷ তাই নাবালক হোৱা বাবে ল'ৰাজনৰ তিনিমাহ ননবেইল জেইল হয় ৷ জুৰিৰ কান্দোন, বৰদেউতাৰ যন্ত্ৰণা ভৰা দুচকুৱে মোৰ মনত বৰকৈ প্ৰভাৱ পেলাইছিল ৷ অৱশেষত সিহঁতেই জিকে ৷ মোৰ পিতৃ যাক মই মোতকৈও বেছি ভাল পাইছিলো তেওঁ বাৰে বাৰে অন্য নাৰীৰ প্ৰেমত পৰে ৷ পিতৃৰ এই স্বভাৱৰ বাবেই মোৰ মা দিনক দিনে খিংখিঙীয়া হৈ পৰিছিল ৷ মোৰ পিতৃৰ প্ৰতি ঘৃণা পুহি ৰাখিছে ৷ তাতোকৈ মোৰ বাবে দুখজনক কথা হ'ল মোৰ মাতৃয়ে মোক ছোৱালী বুলি অৱহেলা কৰিছিল ৷ দুইজন ভাই ককাইক বেছি মৰম কৰিছিল ৷ তেওঁ মই পঢ়া শুনা কৰাতো ভাল নাপাইছিল ৷ দেউতাৰ মৰমৰ আছিলো বাবেহে মই পঢ়াৰ বাবে সুবিধা পাইছিলো ৷ তেনে ক্ষেত্ৰত প্ৰেম মোৰ বাবে আছিল অভিশাপ ৷ অন্ধ আছিল ৷ যি প্ৰেমৰ বাবে মানুহে সৰগৰ সুখ লাভ কৰে সেই একে প্ৰেমৰ বাবে মানুহে নৰকৰ দুখ ভোগ কৰে ৷ তথাপিও মানুহ প্ৰেমত পৰে ৷এবাৰ নহয় বাৰে বাৰে ৷ কেতিয়াবা ভাবি আচৰিত হওঁ ৷ যিটো বয়সত সকলোৱে সপোনৰ কোঁৱৰ এজনক মনৰ মাজত আঁকি লয়, ৰাজকুমাৰী হোৱাৰ সপোন দেখে, সেই বয়সত মই আত্মানুসন্ধানত ব্যস্ত হৈ পৰিছিলো ৷ আত্মাৰ অস্তিত্বৰ অনুসন্ধান কৰিবলৈ লৈছিলো ৷ কেতিয়াবা ঘণ্টাৰ পিছত ঘণ্টা এঠাইত বহি মগ্ন হৈ আছিলো নজহা নপমা কিছুমান কথা ভাবি ৷ তেনে সময়ত মোৰ মন উৰি উৰি গৈ দূৰ দিগন্তত বিলীন হৈ গৈছিল ৷ মেঘৰ আঁৰত গৈ দীপ্তিমান সূৰ্যৰ ৰেঙণিক দুহাত মেলি ধাৰণ কৰিছিল ৷ তৰাভৰা ৰাতি চোতালত বহি অগণন তৰাৰ লগত আলাপত ব্যস্ত হৈ পৰিছিল ৷ খুব আপোন আছিল সেই সপোন ৷ অন্যমনস্ক হৈ বহি থকা দেখি ঘৰলৈ হাজিৰা কৰিবলৈ অহা আদবয়সীয়া মানুহজনে মোৰ ফালে চাই সুধিছিল-

-- কি হ'ল মাই ৷ কি ভাবি আছ ?

মই নিজকে চম্ভালি উভতি আহিছিলো বাস্তৱলৈ ৷ মোৰ এই অন্যমনস্কতাৰ কাৰণ মই নিজেও জানিবলৈ বিচাৰিছিলো ৷ সুধিছিলো বহুবাৰ নিজকে তাৰ কাৰণ ৷ কিন্তু উত্তৰহীন হৈ পৰিছিলো বাৰে বাৰে ৷

মা দেউতাৰ সংঘাতৰ বাবেই দুৰ্বিসহ হৈ পৰিছিল মোৰ জীৱন ৷ গুছি যাব মন গৈছিল বহু দূৰলৈ ৷ যিদৰে আজি মন গৈছে ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ মুখামুখী হৈ পাগুলিয়াইছো এৰি অহা জীৱনৰ প্ৰতিটো মুহূৰ্তক ৷ জাহ যাবলৈ মন গৈছে লুইতৰ বুকুত ৷ সমৰ্পণ কৰিব মন গৈছে নিজক ৷ ইমান ঘৃণা কৰাৰ পিছতো কেনেকৈ প্ৰেমত পৰিছিলো সেয়া যেন মোৰ বাবে এক সাঁথৰ ৷ আচলতে তাৰ আঁৰত মোৰ ব্যক্তিগত স্বাৰ্থ আছিল ৷ মই মোৰ ঘৰখনৰ পৰা পলাবলৈ অন্য এটা পথৰ সন্ধানত আছিলো ৷ যাৰ বাবে নিজক মই প্ৰেমত পেলাইছিলো ৷ স্বতঃস্ফুৰ্ত ভাৱে মই প্ৰেমত পৰা নাছিলো, পৰিছিলো স্বইচ্ছাই ৷ কিন্তু সেই প্ৰেম মোৰ বাবে প্ৰৱঞ্চনাৰ বাহিৰে একো নাছিল ৷ স্বাৰ্থ লৈ প্ৰেমত পৰিলেও লাহে লাহে সেই প্ৰেম নিঃস্বাৰ্থ হ'বলৈ ধৰিছিল ৷ কিন্তু সকলো নিজে ভবাৰ দৰে হোৱাহেঁতেন মোৰ চৌপাশৰ পৃথিৱীখন হয়তো অলপ সুকীয়া হ'লহেঁতেন ৷

সুকলমে পাৰ হৈ যোৱা বিবাহখনৰ সকলো আনন্দ, সকলো স্বপ্ন, সকলো আকাংক্ষা পলকতে ঠান - বান হৈ গৈছিল ৷ যেতিয়া প্ৰতি নিশা কোঠাটো দুৰ্গন্ধৰে ভৰি পৰিছিল, তেতিয়া চাৰখাৰ হৈছিল মোৰ সমস্ত সপোন ৷ মাতাল স্বামীৰ মাতাল ৰূপ দেখি নিজৰ ওপৰত ধিক্কাৰ জন্মিছিল ৷ এখন নৰকৰ পৰা আন এখন নৰকত প্ৰৱেশ কৰা যেন লাগিছিল ৷ বহুত ডাঙৰ ভুল কৰিছো বুলি অনুতাপ কৰাৰ বাহিৰে মোৰ অন্য উপায় নাছিল ৷


হে মহাবাহু, হে ব্ৰহ্মাৰ পুত্ৰ মানৱ জীৱনত ইমানবোৰ দুখৰ আগমন কিয় হয় ? মানৱ জীৱনৰ এই দুখবোৰৰ কথা ভাবিয়ে সিদ্ধাৰ্থই যশোধৰাক এৰি নিৰ্বান লাভৰ বাবে ৰাজ অট্টালিকা এৰিছিল নেকি ? যশোধৰাৰ বুকুত শূন্যতা দি কোন স'তে বাৰু সিদ্ধাৰ্থ বুদ্ধ হৈছিল ৷ 

বুদ্ধৰ বুদ্ধত্ব লাভৰ বাবে যশোধৰাৰ ত্যাগ অত্যাৱশ্যকীয় আছিল জানো ?


ব্ৰহ্মপুত্ৰৰ বুকুত উঠা ঢৌবোৰত নাথাকে মোৰ প্ৰশ্নৰ উত্তৰ ৷ মুকলি আকাশৰ তলত মুক্তভাৱে উশাহ লবলৈ ইমান কিয় কঠিন হৈছে ? মোৰ আকাংক্ষাবোৰে মোক হাত বাউলি মাতে অন্য এখন পৃথিৱীলৈ আৰু দায়িত্ববোৰ মোৰ বাবে শিকলি হৈ পৰে ৷ এফালৰ পৰা মেৰিয়াই ধৰে মোক ৷ মোৰ সোঁৱে বাঁৱে শিকলি মাঁথো শিকলি ৷ হে ব্ৰহ্মাৰ পুত্ৰ মোকো অলপ শকতি দিয়া ঢাহি মুহি নিবলৈ সকলো ৷ হাত বাউলি মাতে মোক সেই শিশুসকলে যিসকলৰ মূৰত কাৰো হাত নাই ৷ যিসকল শিশু অৱহেলিত হৈ আশ্ৰয় ল'ব লগা হয় "মৰমৰ ঘৰ"ত ৷ মুকুৱে যেতিয়া আকাৰে ইংগিতে মোক ভাল লাগে বুলি কয়, সকলো দুখ নিমিষতে নোহোৱা হৈ যায় ৷ গীতুক যেতিয়া খুৱাই দিও তেতিয়া তাৰ দুগালেৰে বৈ অহা লোতক দেখি মন ভৰি যায় ৷ এইসকল দুখী শিশুৰ মনত অলপ সুখ দিব পাৰিছোঁ বুলি গৰ্ব হয় ৷
বহু কথা ভাবি গুণি সিদ্ধান্ত লৈছো ৷ মুকলি আকাশৰ তলত নিজাকৈ এখনি আকাশ সাজিবলৈ ৷ তাত পৰাধীনতাৰ সেই শিকলিডাল নাথাকিব যিডাল পিতৃৰ পৰা পতিৰ হাতলৈ হস্তান্তৰিত হৈছিল ৷ যিজনৰ প্ৰেমত পৰি নিজক হেৰুৱালো, নিজৰ অস্তিত্বক হেৰুৱালো সেইজন নাথাকিব, থাকিম মই আৰু মোৰ "মৰমৰ ঘৰ"ৰ সেইসকল শিশু, যিসকলক প্ৰয়োজন অলপ মৰমৰ, অলপ নিৰাপত্তাৰ ৷

দুগুণ আত্মবিশ্বাসেৰে যেতিয়া মই "মৰমৰ ঘৰ" লৈ উভতিব ৰৈ আছিলো তেতিয়া বগা এল্টো এখন মোৰ ওচৰত ৰৈ গৈছিল ৷ গ্লাচখন আঁতৰাই দিয়াত দেখিলো সেয়া আৰ্যভট্ট ৷ মোক দেখি সুধিলে- ক'ত যাবা ?

- মৰমৰ ঘৰলৈ ৷ আজি তোমাৰ যাত্ৰা কোনফালে ?
- আজি মোৰো যাত্ৰা সেইফালে ৷ ব'লা মোৰ লগতে ৷ 
- হয় নেকি ? কিবা বিশেষ কামত ?


আগফালৰ চিটত বহি লৈ কৰা প্ৰশ্নটোৰ উত্তৰ সি ড্ৰাইভিং কৰিয়েই উত্তৰ দিলে -

- আজি তোমালোকৰ ঘৰখন চাবলৈ যাব আহিছো ৷ নিকুৰ বাৰ্থডে ৷ সেইবাবে ল'ৰা ছোৱালীবোৰৰ বাবে কিবা অলপ আনিছো ৷ নিকুৰ অলপ অসুখ সেইবাবে সি আহিব নোৱাৰিলে ৷ ভাবিছো তাকো তোমালোকৰ "মৰমৰ ঘৰ"ত দিম বুলি ৷


শেষৰফালে আৰ্যৰ মাতটো থোকাথুকি হৈ আহিছিল ৷ বহু চিকিৎসাৰ মূৰতো নিকুৰ ভৰি দুখন ভাল হোৱা নাছিল ৷ তাৰ উপৰি কথাবোৰ লাগি লাগি ধৰে ৷ যাৰ বাবে আৰ্য আৰু প্ৰিয়াৰ দুখ ৷ পলকতে মই মোৰ ওচৰত লজ্জানত হৈ পৰিলো ৷ মোৰ দুখবোৰতকৈ বহুত বেছি দুখ থকা মানুহ আছে এই পৃথিৱীখনত ৷ এই কণ কণ ল'ৰা ছোৱালীবোৰৰ দুখ কষ্টৰ তুলনাত মোৰ দুখবোৰ নিচেই সৰু ৷ কিয় যে আত্মহত্যাৰ দৰে নীচ কাৰ্য এটি কৰিবৰ বাবে অনুপ্ৰাণিত হ'লো ৷ দূৰৈৰ আকাশত দৃষ্টি ৰাখি আৰ্যক ক'বলৈ ধৰিলো-

- এই কণ কণ শিশুবোৰৰ বাবেই জীয়াই থাকিব মন যায় আৰ্য ৷ নহ'লে এই জীৱনৰ প্ৰয়োজন নাছিল ৷ পৰাজয় বৰণ কৰিও আত্মবিশ্বাস হেৰুৱাৰ পিছতো সিহঁতৰ জীৱনটো দেখি পুনৰ শক্তিশালী হৈ পৰো ৷ সিহঁতে যদি পাৰিছে আমিনো নোৱাৰিম কিয় ?
- সাহস নেহেৰুৱাবা অৰুণিমা ৷ জীৱনত কষ্ট নকৰিলে জীৱন জীৱন যেন নালাগে ৷ দুখ আছে বাবেই সুখ আছে ৷ সলনি কৰা নিজক আৰু আগবাঢ়ি যোৱা ৷



ঠিকনাঃ শান্তিপাৰা, মঙ্গলদৈ 

দৰং, অসম 
দূৰভাষঃ ৮৮৭৬০৭৬২৩৯ ৷