সেউজী হৃদয়ৰ বতৰা (তুলিকা নাথ)
বসন্তৰ সেউজীয়া বোৰৰ দৰেই
সেউজী মোৰ হৃদয়,
সেউজী হৃদয় জুৰি
বৈ
আছে
আশাৰ নিৰৱধি নৈ,
হৃদয়ৰ বতৰা কঢ়িয়াই
প্ৰগলভ বৈ আহে
শব্দৰ নিজৰা ৷
শব্দৰ ৰঙীন ফুলনিত
মই এটি বহু ৰঙী পখিলা,
শব্দৰ মায়াজালত
আপোন বিভোৰ
৷
দুচকুত মোৰ
অযুত সপোন,
অযুত আশাৰ,
প্ৰাণ চঞ্চলা
অভিলাষা মই ৷