প্ৰশ্ন (পিকি পাৰবীন)


মই আজি শূণ্য
প্ৰেমৰ প্ৰতাৰণা বা প্ৰত্যাখ্যানত,
মহাশূন্য গগণ মুঠিৰ তলত
এটি নিৰুপায় শূন্য ৷

উৰুঙা উৰুঙা কলিজাৰ
তপ্ত ধপধপনি,
তুমি ঘৃণা কৰা ?
ঘৃণা কৰা জানো নিজকে ?
তোমাৰ বাবে
কোনোবাটি জীৱন সাৰ্থক হ'লে ?
তোমাৰ প্ৰেৰণাত...?

ভুল মোৰ
জানো.... !! এয়া যে
হাবাথুৰি খোৱা পাতখিলা হৈছো..
যোৰা ৰচিবলৈ উৰা,
ক্লান্ত
সেউজ নিসংগ পাত.....!!

নুবুজিবা...., নুবুজিবা.....
মোৰ কাকূতি জীয়াই থকালৈ,
প্ৰেম নিবেদন থকাৰ দিনালৈ ...
শ্বসনৰ শেষ প্ৰশ্বাসটিলৈ...!

ভুল হ'ল এইয়া ?
হয়নে ?
শেষ উত্তৰ জানো এইয়া তোমাৰ ?
চিতাৰ ধূসৰিত দাবানলৰ গুৰিত,
প্ৰত্যুত্তৰ মোৰ ভালপোৱাৰ,
মোৰ জীৱনজোৰা স্বপ্নৰ বাস্তৱিকতা ৷

তোমাৰ বিচাৰ্য্যৰ হেতুকে
মোৰ চৰ্তহীন প্ৰেমৰ
দ্বিতীয় তথা অন্তিমটি
জলন্ত প্ৰশ্ন ৷


ঠিকনাঃ ৰঙিয়া, কামৰূপ জিলা ৷