কুলি- কেতেকীৰ মাতে লৈ অনা
কপৌ ফুলৰ সুবাস ময় এটি বছৰতে
শিৰত তুলসীৰ মালা পিন্ধি
তোমাৰ কাষলৈ যাম মই,
আঁকি দিম তোমাৰ সেওঁতাত সেন্দূৰীয়া এখন ৰামধেনু....।
স্বপ্নই জীয়াই ৰাখে মানুহক,
মইও এটি হালধীয়া স্বপ্ন আঁকিছো তোমাৰ বুকুৰ মাজত,
য'ত বিলীন হৈ যাম মই ওৰেটো জীৱনলৈ ৷
সিদিনা মই নীলা সাজ পিন্ধিম,
তুমি যে নীলাৰ প্ৰেমিকা ৷
তুমি হালধীয়া হৈ উঠিবা,
সোণাৰু হালধীয়া জোনটোৰ দৰেই,
মোৰ যে খুউব প্রিয় হালধীয়া বৰণটো ৷
কপৌ- কেতেকী ফুলেৰে সুবাসিত
সেই বছৰটোত,
ৰুমালেৰে মুখ ঢাকি,
তোমাৰ পদূলি মুখ পামগৈ মই ৷
তোমাৰ ভণ্টিয়ে দুভৰিত আলফুলে সিঁচি দিব মৰমৰ জোনাক,
একাঁজলি আশীৰ্বাদ আৰু যথাসাধ্য মাননি যাচি দিম তাইৰ দুহাতত,
তোমাৰ মাৰ মৰম সনা চুমুক
আৰু দেউতাৰ চেনেহ ভৰা আলিংগনক
বুকুত বান্ধি
মই তোমাৰ কাষ পামগৈ,
হালধীয়া সপোনটো বুকুত বান্ধি ৷








