যিদিনা চোতালত কলহে কলহে বৰষুণ সৰিছিল
মই কন্দা নাছিলো
মাথোঁ চকুলোৰ নৈ খন
বৈ আহিছিল কলিজা ফালি
সপোনৰ দুবছৰীয়া পুলিটো উঘলাৰ বেদনাত
মৰহিছিল পদুলিৰ ৰঙা জবাৰ এটা কলি
প্ৰতাৰিত ৰাতিৰ প্ৰতিটো প্ৰহৰ
মোৰ বাবে আছিল ৰ'দৰ বাগিচা
বিচৰা নাছিলো তোমাৰ ঠিকনা
ভাগ বতৰা কৰিছিলো
জীৱনৰ প্ৰাচীন কোঠাটো
যি মোৰ উপাস্য আছিল
তেওঁক কিদৰে দোষী বুলি কওঁ
কাক দিওঁ দোষ
কোনে দিব সমিধান
আচলতে আমি দুয়ো
সোঁতৰ গতি নজনাকৈয়ে
নাও মেলিলো
ভুল হয়তো কাৰোৰে নাছিল
মাথো ভুল এটাকে ফুল এপাহ বুলি
অতদিনে গুজি লৈ ফুৰিছিলো বুকুত ৷








