নদীৰ প্ৰেমত পৰা মানুহজনৰ কথাৰে (মিণ্টুল হাজৰিকা)


(এক)
নদীৰ প্ৰেমত পৰা মানুহজন
এতিয়া আৰু নাই
নৈপৰীয়া বতাহজাক
কমলাবৰণীয়া কলিজাত সুমুৱাই
মানুহজন ঘৰমুখী চৰাইজাকৰ সৈ'তে
সূৰ্যাস্তৰ ৰং বেহাবলৈ গ'ল


(দুই)
মানুহজনে নৈৰ ঢৌত নৃত্যৰত
পোৱাল ডঁৰিকনাৰ হাঁহিত
জীৱন উপভোগ কৰিছিল !


(তিনি)
জিঞাখাঁতীৰ কলিজা কঁপোৱা জাৰত
নিয়ৰৰ মালা পিন্ধা মানুহজন
প্ৰাচীন গাভৰুৰ ভগ্ন কঁকালৰ ভাজত
নৈখনক নুৱাইছিল !


(চাৰি)
আৰু ক্ৰমশঃ
মানুহজন নদীৰ প্ৰেমত মাতাল হৈ
একতাৰাৰ কঁপনিত বৈ গৈছিল
উকা কপাল এখনৰ ওপৰেদি !


ঠিকনাঃ কটন বিশ্ববিদ্যালয়,
অসমীয়া বিভাগ, স্নাতকোত্তৰ বৰ্ষ ।
দূৰভাষ -9706829157