তোমাৰ অসন্মতিত মোৰ কবি হোৱাৰ স্বপ্ন (কাব্যশ্ৰী হাজৰিকা)


তুমি বিচৰা দৰে নহ'লো
ষোড়শী গাভৰুজনী;
সুখৰ ভিক্ষাৰী মই
তেজে তেজে নিৰলস বয়
বেদনাৰ নদী ৷

জন্মৰে পৰা চকুলোৰ স'তে মিতিৰালি পাতি
নিচিনিলো ভুৱন- ভুলোৱা মিচিকি হাঁহি…
সপোনৰো সিমনাত মোৰ
সেই সাৱলীল প্ৰতিচ্ছবি ৷

আজি মই
কলম- কাগজৰ অনুৰাগী
শব্দৰ সন্ধানত পাৰ হয়
ক'ত উজাগৰী ৰাতি…
কেতিয়াবা যদি পাওঁ
দুই- এক ফুটাকৰি
তাকে লৈ হ'ব পাৰো সুখী
অনুভৱি বতাহজাকত আঁচল উৰুৱাই
থাকো উমলি জামলি
জানোচা এদিন হওঁ
কঠিন বাস্তৱৰ মুখা- মুখী ৷