জীৱনৰ অশান্ত বতাহ (সঞ্জীৱ চাংকাকতী)

পচোৱা বতাহত যদি
লুইতৰ শান্ত পানী কঁপি উঠে……(?)
শান্ত পানীৰ অশান্ত ৰূপ হয়… (?)

নদীৰ বুকুত বহি
নাৱৰীয়া জানো শান্ত ???

প্ৰকৃতিয়ে যদি তাণ্ডব নৃত্য কৰে…(?)
গৃহহাৰা যদি মানুহ হয়…(?)
অকালতে যদি মৃত্যু হয়…(?)
কোন বাৰু শান্ত হয় ???

জীৱনৰ অশান্ত বতাহত
মই জানো শান্ত……(?)

দুৰভিসন্ধি চানি ধৰিছে
শান্তিৰ আসন্ন কাল চলিছে

কলিজা মোৰ কম্পিত
ধুমুহা বতাহত যদি
আস্থাৰ শিপা উভালি পৰে…!!


ঠিকনাঃ উত্তৰ গুৱাহাটী মধ্যম খণ্ড
গুৱাহাটী- ৭৮১০৩০
দূৰভাষঃ ৯০৮৫৫১৩০৮৫ ৷