জীৱনৰ নতুন ৰং (ধীৰাজ ডেকা)

কলিজাৰ উমেৰে জীপাল হোৱা সপোনে
জীৱনৰ ঋতু সলনি কৰে

শৰতৰ জোনাকত জলমলাই উঠে
মন আকাশৰ ঘন ক'লা আন্ধাৰ

হেমন্তত কুঁৱলীৰ চাদৰেদি সৰকে
এচেৰেঙা ৰ'দ আশাৰ সম্ভাৰ লৈ

বসন্তত কুলিৰ মাতে
কাৰোবালৈ কঢ়িয়াই আনে হতাশা
আৰু আন কাৰোবালৈ অফুৰন্ত উৎসাহ

সপোনৰ ৰাগীত ব'হাগৰ বিহুটিত
ঢুলীয়াই ঢোলৰ ছেও তোলে
মতলীয়া নাচনীয়ে
নিজকে চম্ভালিব নোৱাৰি
নাচোনত ভৰিৰ তলুৱাৰ ছাল চিগে

বৰদৈচিলাই উৰুৱাই লৈ যায়
কোনোবা দুখীয়াৰ পঁজাৰ চালি
উভালি থৈ যায় চোতালৰ সুগন্ধি তগৰ

তথাপিও অসমীয়াই গণে ঋতু
হেঁপাহেৰে বাট চাই
ব'হাগৰ বিহুতেই
কুলিৰ মাতে আনিব সুখৰ খবৰ
কুঁহিপাতে সানিব নতুন ৰং জীৱনৰ ৷


ঠিকনাঃ নতুন দিল্লী ৷