শিপিনীৰ কলিজা ৰঙী ফুল পাহত (মঞ্জিত হাজৰিকা)

চ’তত চতুৱা চৰাই জনীয়ে যেতিয়া বিনাই
চুকত চট্‌ফটাই শিপিনীৰ কলিজা
চেনাইক দিবলৈ চেনেহৰ চিন ৷

ৰাঁচৰ ফাকেৰে হৰকাই হেঁপাহৰ আঁহ
যুটি লৈ দুয়োটি টোলোঠা
মৰমৰ দীঘেদি
চেনেহৰ বাণীদি
শিপিনীয়ে বয় বিহুৱান এখনি
আশাৰ ব' তুলি
সপোনটো নাচনী জড়িতে গাঁঠি
গৰকাৰ তালে তালে
নচোৱাই মাকুটি
তোলে গামোচাত কলিজাৰ ফুল এপাহী ৷

আজলী শিপিনীৰ মৰমবোৰ
তাঁত শালতে উজাৰি দিয়ে
আঁহত পতীয়া হৃদয়ৰ
পলাশ ৰঙীন মৰম ৷

প্ৰিয়াৰ প্ৰেম গাঁঠি দিয়া
শিপিনীৰ কলিজা ৰঙী ফুল পাহত
প্ৰেমৰ প্ৰতিবিম্ব প্ৰজ্বলিত ৷