সাম্প্ৰতিক সময়ৰ যান্ত্ৰিকতাৰ খামখুমীয়াৰ এটা অন্যতম কাৰক হ'ল-এণ্ড্ৰইড
।
Android য়ে এটা operating system বনাইছে যিটো ম'বাইল আৰু অন্যান্য সঁজুলিত
ব্যৱহাৰ কৰিব পাৰি । এইটো পিছত google য়ে ক্ৰয় কৰে । Android প্লেট ফ্ৰমটো Linux
Operating System য়ে পৰিচালনা কৰে আৰু ইয়াৰ ভিতৰত Google য়ে উলিওৱা বিভিন্ন Apps
উপলব্ধ হয় । Android OS ৰ দ্বাৰা পৰিচালিত ফোনবোৰ Apple ৰ iphnone ৰ বাবে মূখ্য
প্ৰতিদ্বন্দী হৈ পৰিছে ।
নগৰ মানেই আধুনিকতা আৰু আধুনিকতাৰ পয়োভৰ ৷ বৰ্তমান
বেছিভাগ মানুহেই নগৰকেন্দ্ৰীক ৷ নগৰৰ হাৱা পানীৰ লগত জড়িত হৈ মানুহে সাম্প্ৰতিক
সময়ৰ লগত মিলি চলিবলৈ যত্ন কৰে ৷ গতিকে নগৰকেন্দ্ৰীক সভ্যতা মানে পকী ঘৰ, গাড়ী, ন ন
পোচাক পৰিচ্ছদ, ম'বাইল ইত্যাদিলৈয়ে আঙুলিয়াব পাৰি ৷
যেতিয়াৰ পৰা মানুহে
টেলিফোন এৰি ম'বাইল, ফেচবুক, হোৱাটচ্ এপৰ দুনীয়াত সোমাই পৰিল তেতিয়াৰ পৰাই যেন
কিছুমান সম্পৰ্কত নোকোৱাকৈ কিছু দূৰত্ব আহি পৰিল ৷ আগৰ দিনত মানুহে আজৰি সময়ত
বিভিন্ন কিতাপ পত্ৰ পঢ়িছিল, মিতিৰ কুটুম্বৰ ঘৰলৈ গৈছিল । কিন্তু সাম্প্ৰতিক সময়ৰ
সমাজখনৰ কথাই সম্পূৰ্ণ সলনি হৈ গৈছে ৷ প্ৰতিজন মানুহৰ হাতে হাতে এণ্ড্ৰইড ম'বাইল ৷
তাৰ লগতে অপৰ্য্যাপ্ত ৰিচাৰ্জ নেটপেক, মিনিটপেক, মেচেজপেক ৷ কিন্তু লক্ষণীয় কথা এই
যে যেতিয়াৰ পৰা ফেচবুক, হোৱাটচ্ এপ য়ে মানুহৰ মাজত জনপ্ৰিয়তা লভিলে তেতিয়াৰ পৰাই
মেচেজ পেকৰ জনপ্ৰিয়তা তুলনামূলক ভাবে হ্ৰাস পাইছে ৷ আজিকালি একো এটা হ'বলৈ পায়হে
মাথোঁ সমস্ত পৃথিৱীৰ মানুহে গম পায় ৷ মাথোঁ কেইটামান সময়ৰ ব্যৱধানত আৰু এয়া একমাত্ৰ
সম্ভৱ হয় এই এণ্ড্ৰইড ম'বাইলত থকা বিভিন্ন এপছৰ দ্বাৰা ৷
ইণ্টাৰনেটৰ এই
মায়াবী দুনীয়াৰ পৰা মুক্ত নহয় কণমানি বোৰো । যথেষ্ট অপৈণত অৱস্থাতে লাভ কৰা
স্বাধীনতাই বহুতো শিশুক বিপদগামী কৰি তুলিছে । তদুপৰি ইণ্টাৰনেটৰ বিভিন্ন গেমছ্
সমূহৰ দ্বাৰা মোহাচ্ছন্ন হৈ পৰিছে যুৱ চাম ৷ বৰ্তমানৰ আটাইতকৈ জনপ্ৰিয় ই-গেম হৈছে
Clash of Clan চমুকৈ COC । এই COC ৰ নাম নুশুনা মানুহ চাগে' বহুত কমেই ওলাব !!
ইণ্টাৰনেটত বহুল উপলব্ধ এই গেমে কেনেকৈ মানৱ জাতিৰ আটাইতকৈ মূল্যবান সম্পদ সময়ক
কাঢ়ি নিয়ে সেয়া ভুক্তভোগী আৰু প্ৰত্যক্ষদৰ্শী সকল ভালদৰে জ্ঞাত। ঠিক সেইদৰে ফেচবুক,
হোৱাটচ্ এপ আদিৰ বাবে বিভিন্ন সম্পৰ্কত ফাঁট মেলা পৰিলক্ষিত হৈছে । মুঠতে আমি
সকলোৱে জানো যে এই এণ্ড্ৰইড তথা ইয়াৰ সমস্ত বেষ্টনীৰ অধীনত আমিবোৰ নিয়ন্ত্ৰাধীন
বুলি জনাৰ পিছতো আমি এণ্ড্ৰইড ৰ গ্ৰাসৰ পৰা কেতিয়াও মুক্ত নহ'ও আৰু নহ'ম ৷








