এখন উঁইয়ে খোৱা দস্তাবেজৰ পৰা (ৰাজীৱ ৰাজখোৱা) (৩)

নিশাবোৰে বাৰুকৈ কন্দুৱাইছে মোক ৷ বেছিকৈ আন্ধাৰে ৷ নিশাবোৰ, আন্ধাৰবোৰ ইমান যে দীঘল আৰু ভয়াবহ হ'ব কাহানিও কল্পনা কৰা নাছিলোঁ ৷ নিজম পৰি ৰোৱা ৰাতিৰ পৰিৱেশটো কেঁচু, কুমটি অাৰু অন্যান্য নিশাচৰে উমাল কৰি তোলে ৷ আন্ধাৰবোৰে ক'লা গোম সাপৰ দৰে ক্ৰমশঃ মেৰিয়াই ধৰে মোক ৷ অন্ত কণ্ঠ শুকাই মই যে নিশকতীয়া হৈ পৰোঁ ৷ শ্বাস- প্ৰশ্বাস বোৰ চুটি আৰু ঘণ হৈ আহে…

শৰীৰটো শিয়ৰি উঠে…

ডাল ডালকৈ শৰীৰৰ নোমবোৰ একোজোপা তামোল গছৰ দৰে ঠিয় হৈ আহে ৷

মোৰ অস্তিত্ব, মোৰ উপস্থিতি যিমান পাৰি আন্ধাৰৰ লগত বিলীন কৰি দিব চেষ্টা কৰোঁ কাণ দুখন শহাৰ দৰে থিয় কৰি ৰাখো বেৰৰ সিপাৰৰ শব্দবোৰলৈ…

নিশাৰ জয়ালতা ভাঙি শুৱনি কোঠাৰ বেৰত টুকুৰীয়াই টুকুৰীয়াই কোনোবাই বাহিৰলৈ মাতিছে… হয় হয় কোনোবাই মাতিছে…

কোন হ'ব পাৰে ?

ল'ৰা দুটিক বুকুত সাবটি যিমান পাৰি নিজকে আন্ধাৰতে লুকুৱাবলৈ যত্ন কৰিলোঁ ৷ জানোচা বাহিৰৰ শব্দটোৱে শুনি পাই বুলি সীপ এটাও নিগিলাকৈ ওমান ল'লো ৷:
হিমু…! হিমু ককাইদেউ…?

হয় হয় ডিঙিত বতাহ চুচৰাই এই নামেই কৈছে ৷
উঃ!

বুকুখন ঢৰফৰাই উঠিল ৷ দিনত যিজনে হাজাৰ টকা দি সুবিধা অসুবিধাৰ কথা জনাবলৈ কৈ গৈছিল সেইজনে এই মাজ নিশা এনেদৰে…

কাক মাতিম আজি ? কাৰ ওচৰত সুৰক্ষা বিচাৰিম ? মই… মই…

চকুকেইটা যোৰকৈ মুদি মনতে ক'লো- "আৰু পৰীক্ষা নল'বা প্ৰভু, মই জীয়াই থাকিব নোৱাৰিম ৷"

টোকৰবোৰ ঘণ আৰু ডাঙৰ হৈ আহিছে ৷ ল'ৰা দুটাই সাৰ পালে ভয় খাব ৷ কি কৰো কি নকৰো একো উৱাদিহ নোপোৱা হৈছো ৷

পদূলিত কোনোবা চাইকেলৰ পৰা পৰিছে… হয় হয় কোনোবা পৰিছে…

অ' সেইয়া কলিমনকাই… হয় হয় ঘৰৰ পিনে সোমাই আহিছে সি…

সেইয়া তাৰ নিচাযুক্ত অস্ফুট মাতবোৰ শুনিছোঁ মই ৷ চাইকেলৰ চেইন পৰিলে কিজানি…

হয় হয় সি সোমাই অহা গম পাই টোকৰটো জৰজৰাই বাৰীৰ চুকলৈ আঁতৰি গৈছে ৷

আহ… কলিমনকাই আহ… তোক মই সহায় কৰিম… তই মোৰ বিপদৰ বিধাতা… ৷

কলিমন কাইৰ প্ৰতি মোৰ গদগদীয়া প্ৰাৰ্থনা শেষ হ'বলৈ পোৱাৰ আগতে কাণত স্পষ্টকৈ শুনিলো-

"ধেইত চাল্লা, বেচিকৈ মদখালি নেকি হে… এই দোভাগ ৰাতি মতা মানুহ নথকা ঘৰ এখনলৈ আহিব লাগে নেলাগে নেজান' " ৷

হয় হয় মই শুনিছোঁ… স্পষ্টকৈ শুনিছোঁ ৷ গালত দুটা চৰ নিজে নিজে মাৰি "ছৰী, ছৰী দেই" বুলি কৈ পুনৰ উলটি গৈছে…

সেইয়া কলিমনকাই মাতটো ক্ৰমাৎ অস্পষ্ট হৈ আহিছে মোৰ বুকুৰ উচ্চ ঢপঢপনিটোৰ দৰে…

"বেছিকৈ মদ খালি… ছৰী… ছৰী…বেচি… কৈ……!"

(আগলৈ)