"পাগলী হয় তাই, ৰ'দ খেদি ফুৰে ৷"
-কথাষাৰ কৈ হাঁহিলে মিলন খুৰাই ৷ পাৰ্থই নুবুজিলে কথাষাৰ ।মাথোঁ চাই থাকিল
তাইলৈ, অচিনাকী পখিলা যেন ছোৱালীজনীলৈ ।
- ৰ'দ খেদি ফুৰে মানে ? -কৌতুহল পাৰ্থৰ মাতত ৷
- "ক'ম দিয়া কেতিয়াবা ৷ গাওঁখনৰে ৰচকী পখিলী তাই । যিমান যি হ'লেও হাঁহিটো নুগুছেই মুখৰ পৰা, ৰ'দ চেঙাৰ দৰেই ৰাঙলী ৷"
কি ক'ব ভাবি নাপালে পাৰ্থই ৷ এই যেন কিবা উদাসীন তাৰ মনতো ৷ অৱশ্যেই তাৰ মন মগজু মাথো এটা কথাতেই ডুবি থাকে, ৰামু কাকাই কোৱাৰ পৰাই, অস্তিত্ব !! শিপা !! এৰা, অস্তিত্ব সন্ধানী সি ৷ নাজানে কোনেও এইকথা ।আজি পৃথিৱীৰ বাবে এটি চিনাকী নাম পাৰ্থ হাজৰিকা, অসমবৰ বাবে গৌৰৱৰ থল । কোনে জানিব এই পাৰ্থ হাজৰিকাই যোৱা এটা সপ্তাহ ধৰি বুকুত যে কঢ়িয়াই ফুৰিছে অন্তহীন হাঁহাকাৰ ৷ বিশ্ব দৰবাৰত অসম- অসমীয়াক উজ্বলাই তুলি প্ৰায় দুবছৰৰ পাছত অসমলৈ উভতি আহি পাৰ্থই নিজেওতো কল্পনা কৰিব পৰা নাছিল ৰামু কাকাই উদঙাই দিয়াৰ দৰে সত্য এটিৰ মুখামুখি হ'ব লাগিব বুলি !! সি ভবাও নাছিল, এনেদৰে নিৰ্বাসিত হ'ব লাগিব বুলি, সংবাদ মাধ্যমৰ পৰা, মানুহৰ মুখ বাগৰা প্ৰশ্নবোৰৰ পৰা পলায়ন কৰিবলৈ । এই গাওঁখন, ৰচকী বাইজনী ইয়াতে আছে ৷ বাইৰ ওচৰতেই আছে সকলো উত্তৰ, ৰামু কাকাই জানিও ন'কলে, কিয় !! সাঁথৰ সকলো পাৰ্থৰ বাবে ।
-"ব'লা, ঘৰলৈ যাওঁ ৷ কালিলৈ লৈ যাম তোমাক বাইৰ ওচৰলৈ ।"- কথাষাৰ কৈ পাৰ্থলৈ চাই ৰ'ল মিলন খুৰাই ৷ প্ৰায়েই চাই ৰয় এনেদৰে লগ পোৱাৰ পৰাই ৷ এই উজ্জল, আত্মবিশ্বাসী মুখখনৰ মাজতো যেন কিবা অপ্ৰাপ্তিৰ বেদনা !!সুধিম বুলিও সুধিব নোৱাৰে তেওঁ ৷ দুদিনৰ চিনাকী, তাতে পাৰ্থ হাজৰিকা আন মানুহতকৈ বহুত বেছি বেলেগ, সকলোৰে বাবে ৷ কৌতুহলবোৰ বুকুতে সামৰি ৰাখে তেওঁ ৷ নোসোধে তাক ৷
-"ব'লক খুৰা ঘৰলৈ ।" -পাৰ্থই মাত লগায় ।
সৰিয়হ ডৰাৰ কাষৰ পৰা আঁতৰি যায় দুয়ো ঘৰ অভিমুখে । বেলি লহিয়াইছিল তেতিয়া ।

(আগলৈ)